ডিজিটেল ডেস্কঃ কামৰূপ জিলাৰ ছমৰীয়া সমষ্টিৰ অন্তৰ্গত ১নং ভখুৰাদিয়া-বংগেশ্বৰী গাঁও পঞ্চায়তত পঞ্চায়ত নির্বাচনত ভোট নিদিয়া এজন লোকৰ ঘৰত ফটকা দলিয়াই পৰিয়ালটোক হাৰাশাস্তি কৰাৰ ঘটনাই অঞ্চলটোত প্রতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
অভিযোগ মতে,সোমবাৰে পঞ্চায়ত নিৰ্বাচনৰ ফল ঘোষণাৰ পাছত পঞ্চায়তটোৰ ৩নং ৱাৰ্ডৰ বিজয়ী প্রার্থী স্বাহজাহান আলীক ভোট নিদিয়াৰ বাবে তেওঁৰ একাংশ সমর্থকে আক্কেছ আলী নামৰ এজন লোকৰ ঘৰত ফটকা দলিয়াই দিয়াৰ লগতে পৰিয়ালটোৰ লোকক হাৰাশাস্তি কৰে।
অভিযোেগ মতে, ফটকাৰ জুইত পৰিয়ালটোৰ ধানখেৰৰ পুঁজিৰ একাংশ পুৰি যায়। তদুপৰি পৰিয়ালটোৰ এটি শিশুৰ ভৰিৰ তলতো ফটকা ফুটোৱাৰ অভিযোগ বিজয়ী প্রার্থী স্বাহজাহান আলীৰ সমৰ্থকৰ বিৰুদ্ধে উত্থাপন হৈছে। বিজয়ী প্রার্থীগৰাকীৰ সমৰ্থকৰ এনে কর্মকাণ্ড সন্দর্ভত ইতিমধ্যে ভুক্তভোগী পৰিয়ালটোৱে আৰক্ষীক অৱগত কৰিছে।