বিহাৰৰ ভোজপুৰী চিনেমাৰ অভিনেতা পৱন সিঙলৈ 'ৱাই' কেটেগৰীৰ নিৰাপত্তা

dainik janambhumi October 09, 2025

ডিজিটেল ডেস্কঃ সমাগত বিহাৰ বিধানসভাৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ভোজপুৰী চিনেমা জগতৰ জনপ্ৰিয় তাৰকা পৱন সিঙক কেন্দ্ৰীয় গৃহ ম্যালয়ে 'ৱাই' কেটেগৰীৰ নিৰাপত্তা প্রদান কৰিছে। বুধবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ৰ এটা সূত্ৰই এই কথা নিশ্চিত কৰে। কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাই (আই বি) অভিনেতাজনৰ জীৱনলৈ শংকা আহিছে বুলি প্রতিবেদন দিছিল।

বিশেষকৈ, বিহাৰত নিৰ্বাচনী বতৰত জনপ্রিয় ভোজপুৰী চিনেমাৰ অভিনেতাজন সুৰক্ষিত নহয় বুলি আই বিয়ে শংকা প্রকাশ কৰিছিল। উল্লেখযোগ্য যে জনপ্রিয় অভিনেতাজনে শেহতীয়াকৈ বিজেপিলৈ গমন কৰিব বুলি চর্চা হৈছিল আৰু ইয়াক লৈয়ে বিহাৰৰ ৰাজনীতিত ব্যাপক চর্চা হৈছিল।

Share This