ডিজিটেল ডেস্ক : পেট্রল আৰু ডিজেলৰ দাম বৃদ্ধিয়ে অর্থনীতিত মুদ্রাস্ফীতিজনিত চাপ বৃদ্ধি কৰিব। ইয়াৰ ফলত অনাগত মাহকেইটাত পৰিবহণ আৰু নির্মাণ তথা উৎপাদন খণ্ডৰ ব্যয় বৃদ্ধি পাব। ইয়াৰ লগে লগে সাধাৰণ উপভোক্তা সামগ্ৰীৰ দাম বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে।
ৰেটিং এজেন্সী ক্রিজিলে কালি প্ৰকাশ কৰা এখন প্রতিবেদনত এই আশংকা প্রকাশ কৰে। প্ৰতিবেদনখনত লগতে কোৱা হৈছে যে অচিৰেই পেট্রল আৰু ডিজেলৰ দাম প্রতি লিটাৰত ১০ টকাকৈ বৃদ্ধি পাব পাৰে।
উল্লেখযোগ্য যে যোৱা ১৫ মে'ৰ পাছত পেট্রল আৰু ডিজেলৰ দাম প্রতি লিটাৰত ইতিমধ্যে ৭.৫ টকাকৈ বৃদ্ধি পাইছে। ক্রিজিলে প্রতিবেদনখনত কয় যে পেট্রলৰ আৰু ডিজেলৰ দাম বৃদ্ধিৰ প্ৰভাৱ সমগ্র অৰ্থনীতিত সামগ্ৰীৰ পৰিবহণ ব্যয় বৃদ্ধিৰ জৰিয়তে দেখা পোৱা যাব।
ইয়াৰ ফলত খাদ্য সামগ্ৰীকে ধৰি আন সামগ্ৰীৰ দাম বৃদ্ধি পাব। প্রতিবেদনখনৰ মতে, ইন্ধনৰ দাম বৃদ্ধিৰ প্ৰত্যক্ষ প্রভাৱ মুদ্রাস্ফীতিত পৰিব। ইন্ধনৰ দাম প্রতি লিটাৰত ৭.৫ টকা বৃদ্ধিৰ ফলত খুচুৰা মুদ্রাস্ফীতিৰ হাৰ ০.৩৬% বৃদ্ধি পাব পাৰে। যদি ইন্ধনৰ দাম প্রতি লিটাৰত ১০ টকা বৃদ্ধি পায়, তেতিয়া খুচুৰা মুদ্রাস্ফীতিৰ হাৰ ০.৪৮% বৃদ্ধি পাব পাৰে। ক্ৰিজিলে প্রতিবেদনখনত উল্লেখযোগ্য যে ইন্ধনৰ দাম বৃদ্ধিৰ আটাইতকৈ বেছি প্রভাৱ পৰিব পথ পৰিবহণত। কিয়নো ভাৰতত মুঠ ইন্ধনৰ ৪২% ব্যৱহাৰ কৰা হয় পথ পৰিবহণত। ইয়াৰ ফলত সামগ্ৰীৰ ভাৰা বৃদ্ধি পাব আৰু লগে লগে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ দাম বৃদ্ধি পাব।
দেশৰ প্ৰায় ৭১% সামগ্ৰী পথেৰে পৰিবহণ কৰা হয়। ক্ৰিজিলৰ মতে, পৰিবহণ ব্যয় বৃদ্ধিয়ে ফল-মূল, গাখীৰ, চাহ-কফি, মছলা, কণী, মাংস আৰু মাছৰ দৰে সামগ্ৰীৰ দাম বৃদ্ধি কৰিব। প্রতিবেদনখনত উল্লেখ কৰা মতে, বস্ত্র, উপভোক্তা ইলেক্ট্রনিক সামগ্রী, কাঠৰ সামগ্ৰী, চিমেণ্ট আৰু চিৰামিক আদিৰো পৰিবহণ ব্যয় বৃদ্ধি পাব। ইয়াৰ লগতে ৰসায়ন, কয়লা আৰু বিভিন্ন ধাতুৰো দাম বৃদ্ধি পাব বুলি প্রতিবেদনখনত কোৱা হৈছে। ক্রিজিলে কয় যে বিভিন্ন সামগ্ৰীৰ পৰিবহণ ব্যয় আৰু উৎপাদন ব্যয় বৃদ্ধি পোৱাৰ ফলত কোম্পানীবোৰে সন্মুখীন হোৱা আর্থিক বোজাৰ একাংশ উপভোক্তাৰ ওপৰত জাপি দিব। আনহাতে, দেশত মুদ্রাস্ফীতিৰ হাৰ ৰিৰ্জাভ বেংকে নির্ধাৰণ কৰা ৪% লক্ষ্যৰ ভিতৰতে আছে, কিন্তু ইন্ধনৰ দাম বৃদ্ধিৰ ফলত এই হাৰ অধিক বৃদ্ধি পাব।