এছ বি আইৰ আশংকা, দেশত পুনৰ বৃদ্ধি হ'ব পাৰে পেট্রল, ডিজেলৰ দাম

dainik janambhumi May 18, 2026

ডিজিটেল ডেস্ক: ইৰান যুদ্ধই সমগ্ৰ বিশ্বতে গভীৰ প্ৰভাৱ পেলাইছে। ইয়াৰ ফলত বিশ্বত খাৰুৱা তেলৰ সংকটৰ সৃষ্টি হয়। এই যুদ্ধৰ লগতে হৰমুজ প্রণালী যদি অধিক দিনলৈ বন্ধ হৈ থাকে তেতিয়া বিশ্ব এক অভূতপূর্ব সংকটৰ সন্মুখীন হোৱাৰ আশংকা কৰা হৈছে। 

ইৰানত আমেৰিকা আৰু ইজৰাইলে যোৱা ২৮ ফেব্ৰুৱাৰীত আক্ৰমণ আৰম্ভ কৰিছিল। ইয়াৰ পাছত বিগত ৭৮ দিনত বিশ্বৰ বজাৰত খাৰুৱা তেলৰ দাম ৫১% বৃদ্ধি পাইছে। যুদ্ধ আৰম্ভ হোৱাৰ আগতে অর্থাৎ যোৱা ২৭ ফেব্ৰুৱাৰীত বিশ্বৰ বজাৰত ব্ৰেণ্ট খাৰুৱা তেলৰ দাম আছিল প্রতি বেৰলত ৭২.৪৮ ডলাৰ। আজি প্রতি বেৰলত হয়গৈ ১০৯.২৬ ডলাৰ। 

আজি ব্ৰেণ্ট খাৰুৱা তেল প্রতি বেৰলত ৩.৫৩ ডলাৰ বৃদ্ধি পায়। আনহাতে, আমেৰিকাৰ ৱেষ্ট টেক্সাছ ইণ্টাৰমিডিয়েট (ডব্লিউ টি আই) খাৰুৱা তেলৰ দাম এই ৭৮ দিনত ৫৭%তকৈ অধিক বৃদ্ধি পাইছে। যোৱা ২৭ ফেব্ৰুৱাৰীত ডব্লিউ টি আই খাৰুৱা তেল প্ৰতি বেৰলত ৬৭.০২ ডলাৰ আছিল। আজি প্রতি বেৰলত হয়গৈ ১০৫.৪২ ডলাৰ। ইয়াৰ প্ৰভাৱ এতিয়া বিশ্বৰ আন দেশসমূহৰ লগতে ভাৰততো পৰিছে। 

বিশ্বৰ বজাৰত সৃষ্টি হোৱা খাৰুৱা তেলৰ এই সংকটে ভাৰতীয় অর্থনীতিতো প্রভাৱ পেলাইছে। ভাৰতৰ বাবে এতিয়া প্রধান সমস্যা হৈ পৰিছে আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ দাম বৃদ্ধি পোৱাটো। ব্ৰেণ্ট খাৰুৱা তেলৰ দাম প্রতি বেৰলত ১০৯ ডলাৰৰ অধিক হোৱাৰ সময়তে ডলাৰৰ তুলনাত টকাৰ মূল্য হ্ৰাসৰ ধাৰা অব্যাহত আছে। যোৱা শুকুৰবাৰে এক ডলাৰৰ মূল্য ৯৬ টকাতকৈ অধিক হয়গৈ যদিও আজি ৯৫.৯৭টকা হয়। ইফালে, দেশৰ চৰকাৰী খণ্ডৰ সৰ্ববৃহৎ বেংক এছ বি আয়ে এইবুলি ভৱিষ্যদ্বাণী কৰিছে যে দেশত পুনৰ পেট্রল আৰু ডিজেলৰ দাম বৃদ্ধি পাব। এছবি আইৰ এখন প্ৰতিবেদনত উল্লেখ কৰা মতে, যদিহে ডলাৰৰ তুলনাত টকাৰ মূল্য হ্ৰাসৰ ধাৰা অব্যাহত থাকে আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ দাম বৃদ্ধিৰ ধাৰা অব্যাহত থাকে, তেতিয়া পেট্রল আৰু ডিজেলৰ দাম পুনৰ বৃদ্ধি কৰিবলৈ বাধ্য হ'ব চৰকাৰী খণ্ডৰ তেল প্রতিষ্ঠানকেইটা। 

এছ বি আয়ে কয় যে টকাৰ অৱমূল্যায়ন অব্যাহত থাকিলে চৰকাৰী খণ্ডৰ তেল প্রতিষ্ঠানকেইটাই পেট্রল আৰু ডিজেলৰ দাম বৃদ্ধিৰ জৰিয়তে লাভ কৰা সকাহ সম্পূৰ্ণৰূপে নোহোৱা হৈ যাব। ফলত ইন্ধনৰ দাম অধিক বৃদ্ধি পাব। প্রতিবেদনখনত উল্লেখ কৰা মতে, পেট্রল আৰু ডিজেলৰ দাম প্রতি লিটাৰত ৩ টকাকৈ বৃদ্ধি কৰাৰ ফলত কোম্পানীকেইটাৰ খাৰুৱা তেল আমদানি আৰু দেশত ইন্ধনৰ বিক্রীত সৃষ্টি হোৱা বৃহৎ ব্যৱধানত ৫২,৭০০ কোটি টকাৰ সকাহ লাভ কৰিছে। প্রতিবেদনখনত উল্লেখ কৰা মতে, টকাৰ মূল্য যদি আৰু দুটকা হ্রাস পায়, তেতিয়া তেল কোম্পানীসমূহৰ অতিৰিক্ত আয় আমদানি ব্যয়ত শেষ হৈ যাব।

Share This