পাঁচ দিনত দ্বিতীয়বাৰ : তেল কোম্পানীয়ে নাজানে মুঠ কিমান বাঢ়িব, পেট্রল-ডিজেল পুনৰ ৯০ পইচাকৈ দাম বৃদ্ধি

dainik janambhumi May 20, 2026

ডিজিটেল ডেস্ক: জনসাধাৰণৰ মূৰত আর্থিক বোজা অধিক বৃদ্ধি কৰি কালি পেট্রল আৰু ডিজেলৰ দাম পুনৰ বৃদ্ধি কৰে। চৰকাৰী খণ্ডৰ তেল প্রতিষ্ঠানকেইটাই সোমবাৰে মাজ নিশাৰ পৰা কাৰ্যকৰী হোৱাকৈ পেট্রল আৰু ডিজেলৰ দাম প্রতি লিটাৰত ৯০ পইচাকৈ বৃদ্ধি কৰে। পাঁচ দিনৰ ভিতৰত পেট্রল আৰু ডিজেলৰ দাম কালি দ্বিতীয় বাৰৰ বাবে বৃদ্ধি কৰা হয়। ইয়াৰ আগতে ১৫ মে'ত প্রতি লিটাৰ পেট্রল আৰু ডিজেলৰ দাম তিনি টকাকৈ বৃদ্ধি কৰা হৈছিল। 

ৰাজধানী দিল্লীত কালি প্রতি লিটাৰ পেট্ৰলৰ দাম ৮৭ পইচা বৃদ্ধি পাই ৯৮.৬৪ টকা আৰু ডিজেলৰ দাম ৯১ পইচা বৃদ্ধি পাই প্রতি লিটাৰত ৯১.৫৮ টকা হয়। ইফালে দেশৰ বাণিজ্যিক ৰাজধানী মুম্বাইত পেট্রল প্রতি লিটাৰত ৯১ পইচা বৃদ্ধি পাই ১০৭.৫৯ টকা আৰু ডিজেলৰ দাম প্রতি লিটাৰত ৯৪ পইচা বৃদ্ধি পাই ৯৪.০৮ টকা হয়। কলকাতাত প্রতি লিটাৰ পেট্ৰলৰ দাম ৯৬ পইচা বৃদ্ধি পাই ১০৯.৭০ টকা আৰু ডিজেলৰ দাম প্রতি লিটাৰত ৯৪ টকা বৃদ্ধি পাই ৯৬.০৭ টকা হয়। চেন্নাইত পেট্রলৰ দাম প্রতি লিটাৰত ৮২ পইচা বৃদ্ধি পাই ১০৪.৪৯ টকা, আৰু ডিজেলৰ দাম প্রতি লিটাৰত ৮৬ পইচা বৃদ্ধি পাই ৯৬.১১ টকা হয়গৈ। 

উল্লেখযোগ্য যে পেট্রল আৰু ডিজেলৰ দাম যোৱা ১৫ মে'ত চাৰি বছৰৰ পাছত বৃদ্ধি কৰা হয়। দেশৰ ১৫খন ৰাজ্যত এতিয়া পেট্ৰলৰ দাম প্রতি লিটাৰত ১০০ টকাৰ অধিক হৈছে। এই ৰাজ্যকেইখনৰ ভিতৰত অসমো আছে। আনহাতে ১৭খন ৰাজ্যত প্রতি লিটাৰ ডিজেলৰ দাম ৯০ টকাৰ অধিক হয়।

Share This