ডিজিটেল ডেস্ক : আন্তঃৰাষ্ট্ৰীয় বজাৰত ইন্ধনৰ দাম বৃদ্ধিৰ মাজতে শনিবাৰে ভাৰতত প্রতি লিটাৰ পেট্রল, ডিজেলৰ দাম ৮৭-৯১ পইচা বৃদ্ধি কৰা হয়। ইয়াৰ ফলত যোৱা ১০ দিনৰ ভিতৰত তিনিবাৰৰ দাম বৃদ্ধিত ইন্ধনৰ খুচুৰা বিক্রীত দাম প্রায় ৫ টকা বৃদ্ধি পালে।
শেহতীয়াভাৱে শনিবাৰে দেশজুৰি প্ৰতি লিটাৰ পেট্ৰলৰ দাম ৮৭ পইচা আৰু প্ৰতি লিটাৰ ডিজেলৰ দাম ৯১ পইচা বৃদ্ধি পালে। পেট্রলৰ দাম ৮৭ পইচা বৃদ্ধি পোৱাৰ ফলত দেশৰ ৰাজধানী মহানগৰ দিল্লীত এক লিটাৰ পেট্ৰলৰ দাম পূৰ্বৰ ৯৮.৬৪ টকাৰ পৰা ৯৯.৫১ টকা হয়। একেদৰে ডিজেলৰ ৯১ পইচা বৃদ্ধি পোৱাৰ ফলত দিল্লীত প্রতি লিটাৰ ডিজেলৰ দাম পূৰ্বৰ ৯১.৫৮ টকাৰ পৰা ৯২.৪৯ টকালৈ বৃদ্ধি পায়।
উল্লেখযোগ্য যে ইয়াৰ আগতে যোৱা ১৫ মে'ত প্রতি লিটাৰ পেট্রল, ডিজেলৰ দাম ৩ টকাকৈ আৰু যোৱা ১৯ মে'ত ৯০ পইচাকৈ বৃদ্ধি কৰা হৈছিল। এই বৃদ্ধিৰ প্ৰভাৱত মাল বা সামগ্রী পৰিবহণতো ভাৰা বৃদ্ধি পোৱাৰ আশংকা আছে আৰু ইয়াৰ ফলত নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ দামো বৃদ্ধি পাব পাৰে। তেলৰ ডীলাৰসকলৰ মতে খাৰুৱা তেলৰ দাম বৃদ্ধি তথা তেল কোম্পানীবোৰৰ ব্যয় বৃদ্ধি পোৱা বাবে এই সিদ্ধান্ত গ্রহণ কৰা হয়।
শনিবাৰে পুৱা ৬ বজাৰ পৰাই নতুন দৰ বলৱৎ হৈছে। এই নতুন দৰ অনুসৰি ভাৰতৰ আন তিনিখন প্রধান মহানগৰত প্ৰতি লিটাৰ পেট্রল আৰু ডিজেলৰ দাম হৈছে এনেধৰণৰ- মুম্বাই ১০৮.৪৯ (পেট্রল)- ৯৫.০২ (ডিজেল), কলকাতা ১১০.৬৪ (পেট্রল)- ৯৭.০২ (ডিজেল), আৰু চেন্নাই ১০৫.৩১ (পেট্রল)-৯৬.৯৮ (ডিজেল) ।