অমৰনাথ যাত্ৰাক সুৰক্ষিত কৰিবলৈ আৰক্ষীৰ 'প্রজেক্ট হক আই', লস্কৰৰ সন্ত্ৰাসবাদীৰ কুটাঘাতৰ ভাবুকি

dainik janambhumi June 26, 2026

ডিজিটেল ডেস্ক : সন্ত্রাসবাদীৰ সম্ভাব্য কূটাঘাতক প্রতিহত কৰাৰ লক্ষ্যৰে পৱিত্ৰ অমৰনাথ যাত্ৰাৰ সময়ত আৰক্ষীয়ে 'প্রজেক্ট হক আই' শীর্ষক এটা অভিযান আৰম্ভ কৰিছে। দক্ষিণ কাশ্মীৰৰ পহলগামৰ মাজেদি অমৰনাথ যাত্ৰাৰ পৰম্পৰাগত পথৰ কাষত অহর্নিশে সতর্কতা অৱলম্বন কৰিবলৈ জম্মু-কাশ্মীৰ আৰক্ষীয়ে এটা ব্যাপক নিৰীক্ষণ আৰু সুৰক্ষা ব্যৱস্থাৰ পদক্ষেপ লৈছে। 

এই নিৰাপত্তা প্ৰকল্পৰ অধীনত আকাশী আৰু স্থল নিৰীক্ষণ ব্যৱস্থা দুয়োটাই থাকিব। য'ত তীর্থযাত্ৰীসকলৰ নিৰাপদ গতি- বিধিৰ বাবে সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰা হ'ব। দক্ষিণ কাশ্মীৰ উপত্যকাৰ অনন্তনাগ জিলাত কেইবা তৰপীয়া নিৰাপত্তা ব্যৱস্থা আৰু নিৰীক্ষণ পদ্ধতি লোৱা হৈছে। 

জম্মু-কাশ্মীৰৰ আৰক্ষীৰ মুখপাত্ৰই প্ৰকাশ কৰা মতে, এই নিৰীক্ষণ পদ্ধতিত আৰক্ষীৰ লোকক নিয়োজিত কৰাৰ লগতে শেহতীয়া প্রযুক্তিও ব্যৱহাৰ কৰা হৈছে। উল্লেখযোগ্য যে এইবাৰৰ অমৰনাথ যাত্ৰাৰ সময়ত সন্ত্রাসবাদীয়ে আক্রমণ চলাব বুলি লস্কৰ-এ-তৈয়বাৰ দৰে পাকিস্তানী সন্ত্রাসবাদী সংগঠনে ইতিমধ্যে ভাবুকি দিছে।

Share This