আফ্রিকান ছোৱাইন ফিভাৰৰ প্ৰাদুৰ্ভাৱ : প্ৰশাসনৰ পদক্ষেপ, কাকপথাৰত এমাহৰ বাবে নিষিদ্ধ গাহৰিৰ মাংস

dainik janambhumi May 29, 2026

ডিজিটেল ডেস্ক : তিনিচুকীয়া জিলাৰ কাকপথাৰ ডিৰাক ৰংপুৰীয়াত আফ্রিকান ছোৱাইন ফিভাৰৰ উপস্থিতি ধৰা পৰিছে। সেই পৰিপ্ৰেক্ষিতত অঞ্চলটোত কিছুদিনলৈ গাহৰিৰ মাংস খোৱা আৰু বেচাত নিষিদ্ধ কৰা হয়। সমগ্ৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্রশাসনে অহা এমাহৰ বাবে গাহৰিৰ মাংসৰ বিক্ৰী আৰু সৰবৰাহ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছে। 

তিনিচুকীয়া জিলাৰ কাকপথাৰৰ উত্তৰ ৰংপুৰীয়া গাঁৱত আফ্রিকান ছোৱাইন ফিভাৰৰ (ASF) উপস্থিতি ধৰা পৰাৰ পাছতেই জিলা প্রশাসনে ৰোগ প্ৰতিৰোধৰ অৰ্থে তৎকালীন আৰু কঠোৰ ব্যৱস্থা গ্রহণ কৰিছে। জিলা আয়ুক্ত তথা জিলা দণ্ডাধীশ সুমিত ছাত্তাৱানে কালি দুর্যোগ ব্যৱস্থাপনা আইন, ২০০৫-ৰ অধীনত এক জৰুৰী নিৰ্দেশনা জাৰি কৰি কেতবোৰ গুৰুত্বপূৰ্ণ নিষেধাজ্ঞা বলৱৎ কৰে। এই আদেশ মর্মে শদিয়া সম-জিলাৰ অন্তৰ্গত কাকপথাৰ ডিৰাকৰ উত্তৰ ৰংপুৰীয়া গাঁৱক মহামাৰীৰ অভিকেন্দ্ৰ হিচাপে গণ্য কৰি অঞ্চলটোৰ ১ কিঃমিঃ ব্যাসার্ধলৈ 'সংক্রমিত এলেকা' আৰু ১০ কিঃমিঃ ব্যাসার্ধ পর্যন্ত এলেকাক 'নিৰীক্ষণ এলেকা' হিচাপে ঘোষণা কৰা হৈছে। 

ৰাষ্ট্ৰীয় কাৰ্য পৰিকল্পনাৰ নিৰ্দেশনা অনুসৰি, অহা ২৭, ২৮ আৰু ২৯ মে'ত সংক্রমিত অঞ্চলসমূহত বৈজ্ঞানিক পদ্ধতিৰে গাহৰি নিধন প্রক্রিয়া সম্পন্ন কৰা হ'ব। পশুপালন আৰু পশু চিকিৎসা বিভাগৰ উচ্চপদস্থ বিষয়াৰ প্ৰত্যক্ষ তত্ত্বাৱধানত এই প্রক্রিয়া সম্পাদন কৰাৰ লগতে ইয়াৰ যাৱতীয় তথ্য সংৰক্ষণৰো ব্যৱস্থা কৰা হৈছে। প্রশাসনে জাৰি কৰা এই নিষেধাজ্ঞা অহা ৩০ দিনৰ বাবে প্রযোজ্য হ'ব আৰু উক্ত সময়ছোৱাত অঞ্চলটোৰ সকলো গাহৰি মাংসৰ দোকান বাধ্যতামূলকভাৱে বন্ধ থাকিব। অঞ্চলটোৰ পৰা অন্য কোনো জিলা অথবা চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশলৈ গাহৰি অথবা গাহৰিৰ মাংসৰ সামগ্ৰী সৰবৰাহ কৰাটো সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হয়। একেদৰে, স্থানীয় বজাৰ বা দোকানতো গাহৰিৰ মাংস বিক্ৰীৰ ওপৰত কঠোৰ বাধা আৰোপ কৰিছে। গুৰুত্বপূৰ্ণ কথাটো হ'ল যে এই ৰোগবিধ মানুহৰ শৰীৰলৈ সংক্রমিত নহয়; যদিও গাহৰিৰ বাবে ই মাৰাত্মক আৰু সংক্রামক চিহ্নিত হৈছে। সেয়ে সৰ্বসাধাৰণ ৰাইজক আতংকিত নহৈ এই ব্যাধিবিধ প্ৰতিৰোধৰ ক্ষেত্ৰত প্রশাসনক সম্পূর্ণ সহযোগিতা আগবঢ়াবলৈ আহ্বান জনোৱা হয়। 

উল্লেখযোগ্য যে কোনো ব্যক্তিয়ে যদি এই চৰকাৰী আদেশ উলংঘা কৰে, তেন্তে তেওঁৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ ২২৩নং ধাৰাৰ অধীনত আইনী ব্যৱস্থা গ্রহণ কৰা হ'ব। আফ্রিকান ছোৱাইন ফিভাৰৰ এনে সংহাৰী ৰূপৰ ফলত এতিয়া পানীত হাঁহ নচৰা অৱস্থা হৈছে অঞ্চলটোৰ গাহৰি পালকসকলৰ। কাকপথাৰ ডিৰাক ৰংপুৰীয়াৰ ভুক্তভোগী গাহৰি পালকসকলে তেওঁলোকৰ বৃহৎ আর্থিক ক্ষতিৰ কথা উল্লেখ কৰি চৰকাৰক উপযুক্ত ক্ষতিপূৰণ আগবঢ়াবলৈ অনুৰোধ জনাইছে।

Share This