ডাকঘৰৰ বিশেষ আঁচনি, অৱসৰৰ পাছত প্ৰতিমাহে লাভ কৰিব ২০ হাজাৰকৈ টকা

Rashmi April 10, 2025

ডিজিটেল ডেস্কঃ ডাকঘৰত সঞ্চয় কৰাসকলৰ বাবে ভাল খবৰ। জ্যেষ্ঠ নাগৰিকসকলক কেন্দ্ৰ কৰি ডাকঘৰত এখন সঞ্চয় আঁচনি চলোৱা হয়। সেই আঁচনিৰ নাম জ্যেষ্ঠ নাগৰিক সঞ্চয় আঁচনি (SCSS)। 

৬০ বছৰৰ ওপৰৰ যিকোনো ভাৰতীয় নাগৰিকে এই আঁচনিত বিনিয়োগ কৰিব পাৰিব। একে সময়তে ৫৫ বছৰৰ ওপৰৰ আৰু ৬০ বছৰৰ তলৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীয়ে এই আঁচনিখনত বিনিয়োগ কৰিব পাৰিব।

এই আঁচনিৰ জৰিয়তে প্ৰতিমাহে ২০,৫০০ টকা পেঞ্চন লাভ কৰিব। এই আঁচনিখনত সৰ্বাধিক ৩০ লাখ টকা বিনিয়োগ কৰিলে বছৰি প্ৰায় ২ লাখ ৪৬ হাজাৰ টকাৰ সুত পাব। অৰ্থাৎ প্ৰতিমাহে আপোনাৰ বেংক একাউণ্টত ২০,৫০০ টকা জমা হ’ব। এই আঁচনিৰ সুতৰ হাৰ ৮.২ শতাংশ, যিটো যিকোনো চৰকাৰী আঁচনিৰ ভিতৰত সৰ্বাধিক হাৰ।

কোনে বিনিয়োগ কৰিব পাৰিব?

৬০ বছৰ বা তাতকৈ অধিক বয়সৰ ভাৰতীয় নাগৰিক

৫৫ৰ পৰা ৬০ বছৰৰ ভিতৰৰ যিসকল লোকে অৱসৰ লৈছে (VRS)।

এই একাউণ্টটো ডাকঘৰত বা যিকোনো অনুমোদিত বেংকত খুলিব পাৰিব।

কৰত কি প্ৰভাৱ পৰিব?

SCSS ৰ পৰা লাভ কৰা সুতৰ আয়ৰ ওপৰত কৰ দিব লাগিব নেকি?

অৱশ্যে এই বিনিয়োগৰ ধনৰাশি ধাৰা ৮০চিৰ অধীনত ১.৫ লাখ টকা পৰ্যন্ত কৰ ৰেহাইৰ যোগ্য

পৰিকল্পনাৰ সময়ছোৱা

এই আঁচনিৰ সময়সীমা ৫ বছৰ।

৫ বছৰৰ পিছত আপুনি ইয়াক আৰু ৩ বছৰলৈ বৃদ্ধি কৰিব পাৰে।

সময়ৰ আগতে উলিয়াব পাৰিব ধন, কিন্তু ইয়াৰ বাবে ভৰিব লাগিব জৰিমনা ৷

এই আঁচনি কিয় বিশেষ?

নিৰাপদ চৰকাৰী আঁচনি

নিৰ্দিষ্ট মাহিলি আয়

কৰ ৰেহাইৰ সুবিধা

অৱসৰৰ পিছত নিয়মীয়া আয়ৰ বাবে সৰ্বোত্তম বিকল্প।


উৎস: প্ৰাগ নিউজ ডিজিটেল

Share This