৯ মহীয়সীলৈ ২০২৬ বৰ্ষৰ 'প্ৰাগ প্ৰেৰণা সন্মান'

dainik janambhumi March 07, 2026

ডিজিটেল ডেস্ক: বৃহত্তৰ অসমীয়া সমাজ জীৱনলৈ অনবদ্য বৰঙনি আগবঢ়োৱা সমাজৰ ৯গৰাকী মহীয়সী নাৰীলৈ আগবঢ়োৱা হৈছে ২০২৬ বৰ্ষৰ প্ৰাগ প্ৰেৰণা সন্মান। 

অসমৰ প্ৰথমটো নিউজ চেনেল প্রাগ নিউজে ২০১৬ বৰ্ষৰ পৰা আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ দিনটোত সমাজলৈ বিশেষ বৰঙনি আগবঢ়োৱা নাৰীসকলক সন্মান জনাই প্ৰদান কৰি আহিছে 'প্রাগ প্ৰেৰণা সন্মান'। এই বৰ্ষত 'প্রাগ প্ৰেৰণা সন্মান' লাভ কৰিছে প্ৰকৃতিৰ পৰা বিলুপ্ত হ'ব খোজা বিভিন্ন প্ৰজাতিৰ শগুন নিজৰ বাৰীত সংৰক্ষণত অনন্য নিদর্শন দাঙি ধৰা লখিমপুৰৰ মহীয়সী নাৰী ফুলেশ্বৰী দত্ত, অসমৰ পৰা গৈ মায়ানগৰী মুম্বাইত প্রতিষ্ঠা লাভ কৰা বিশিষ্ট অভিনেত্ৰী পৰিণীতা বৰঠাকুৰ, ডাইনী প্ৰথাৰ বিৰুদ্ধে সমাজত সজাগতা সৃষ্টি কৰাৰ লগতে বিৰুবালা ৰাভাৰ পদাংক অনুসৰণ কৰি মানুহক ডাইনী প্ৰথাৰ বিৰুদ্ধে যুঁজ দিবলৈ উদ্বুদ্ধ কৰা সমাজহিতৈষী গোৱালপাৰাৰ মামণি শইকীয়া, অসমৰ সংগীত জগতলৈ বিশেষ অৱদান আগবঢ়োৱা বিশিষ্ট কণ্ঠশিল্পী গুৱাহাটীৰ হাছিনা হাজৰিকা, যোৰহাটৰ বিশিষ্ট শিক্ষাবিদ তথা সমাজকর্মী শ্বেহনাজ হুছেইন, হাতী বন্ধু খ্যাত নগাঁৱৰ বিশিষ্ট প্রকৃতিপ্রেমী মেঘনা ময়ূৰ হাজৰিকা, পদপথৰ কুকুৰক বুটলি নি নতুন জীৱন প্ৰদান কৰা গোলাঘাটৰ প্রাপ্তি ফাউণ্ডেশ্যনৰ গৰাকী ড° প্রাপ্তি ঠাকুৰ, লোকসংগীতৰ বিশেষজ্ঞ, বিশ্বৰ ভিন্ন প্ৰান্তত অসমৰ কলা-সংস্কৃতি উজলাই তোলা বিশিষ্ট গৱেষক শ্রেয়া পূজাৰী আৰু অসমৰ বিশিষ্ট শিল্পী পাহাৰী দাসক। 

সমাজৰ বিভিন্ন শ্ৰেণীৰ মহীয়সী নাৰীক তেওঁলোকৰ অৱদানৰ বাবে প্ৰাগ নিউজে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসত 'প্রাগ প্ৰেৰণা সন্মান' আগবঢ়োৱাৰ লগতে দেশৰ বিশিষ্ট শিল্পীক আমন্ত্রণ জনোৱা হয় এই গাম্ভীর্যপূর্ণ অনুষ্ঠানলৈ। প্ৰাগ প্ৰেৰণা সন্মান অনুষ্ঠানত ইতিপূর্বে সন্মান জনোৱা হৈছে স্বনামধন্য শিল্পী ঊষা মংগেশকাৰ, ঊষা উথুপ, শর্মিলা ঠাকুৰ, সাধনা স্বৰগম, কবিতা কৃষ্ণমূর্তি আৰু অনুৰাধা পড়োৱালক। ইফালে, উক্ত অনুষ্ঠানত গীত পৰিৱেশন কৰিব শিল্পী মর্মিতা মিত্ৰ আৰু ৰাহিনী কাভেতথেকাৰে।

Share This