ডিজিটেল ডেস্ক : বিশ্ব কাপ বিজয়ী ভাৰতীয় মহিলা দলৰ অন্যতম সদস্য আছিল প্রতীকা ৰাৱাল। কিন্তু ভাৰত বিশ্ব চেম্পিয়ন হোৱাৰ পাছত যোৱা ২ নৱেম্বৰৰ নিশা পদক নাপালে প্রতীকাই। অবশেষত প্রতীকাৰ পদক লাভৰ স্বপ্ন পূৰ হোৱাৰ পথত আগবাঢ়িছে। সেই অনুসৰি আন্তর্জাতিক ক্রিকেট সংস্থাই ভাৰতৰ অলৰাউণ্ডাৰ প্রতীকাক পদক দিয়াৰ সিদ্ধান্ত গ্রহণ কৰিছে। কেইদিনমানৰ পাছতে প্রতীকাই লাভ কৰিব বিশ্ব চেম্পিয়নৰ পদক।
সদ্য সমাপ্ত মহিলাৰ এদিনীয়া বিশ্ব কাপৰ গ্রুপ লীগন অন্তিমখন মেচত বাংলাদেশব বিৰুদ্ধে ফিল্ডিং কৰি থকাৰ সময়ত প্রতীকাই ভৰিব গোৰোহাত আঘাত পাইছিল। সেই আঘাতৰ বাবেই ভাৰতীয় অলৰাউণ্ডাৰগৰাকীয়ে ছেমি ফাইনেলৰ আগেয়ে প্রতিযোগিতাৰ পৰা বাহিৰ হৈছিল। তেওঁৰ সলনি ভাৰতীয় দললৈ আহিছিল শ্বেফালী বার্মা। ফাইনেলব বাবে ১৫জনীয়া ভাৰতীয় দলত নথকাৰ কাৰণে প্রতীকাক পদক দিয়া নহ'ল।
আই চি চিৰ নিয়ম অনুসৰি বিশ্ব কাপ বিজয়ী দলৰ ১৫গৰাকী ক্রিকেটাৰে পদক লাভ কৰে। হুইল চেয়াৰত বহি সতীর্থৰ সৈতে বিশ্ব কাপ জয়ৰ আনন্দোৎসৱত যোগদান কৰাৰ পাছতো ২ নৱেম্বৰৰ নিশা প্রতীকাক স্বর্ণপদক দিয়া নহ'ল। উল্লেখযোগ্য যে বিশ্ব কাপত প্রতীকাই (৩০৮) চতুর্থ সর্বাধিক ৰান গোটায়। নিউজিলেণ্ডৰ বিৰুদ্ধে শতক অর্জন কৰি অন্তিম-৪টা দলত ভাৰতৰ স্থান নিশ্চিত কৰিছিল প্রতীকাই।