অসমত নিৰ্মাণ হোৱা প্ৰথমখন গোর্খালী ছবি 'আশীষ'ৰ প্ৰিমিয়াৰ শ্ব' সম্পন্ন

dainik janambhumi July 22, 2026

ডিজিটেল ডেস্ক : গোর্খালী চলচ্চিত্ৰ প্ৰেমীসকলৰ বাবে অত্যন্ত সুখবৰ। অসমৰ মাটি, পানী আৰু বায়ুত নিৰ্মাণ হোৱা প্ৰথম গোর্খালী চেন্সৰ চলচ্চিত্র 'আশীষ'ৰ প্রিমিয়াৰ শ্ব' সোমবাৰে অসমৰ ৰাজধানী মহানগৰ গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত আইদেউ চিনেমা হলত অনুষ্ঠিত কৰা হয়। 'টিম আশীষ' (এ) গোর্খালী চলচ্চিত্রক সাধাৰণ দৰ্শকৰ মাজত লৈ যোৱাৰ উদ্দেশ্যে প্ৰচাৰ-প্ৰসাৰ তীব্ৰতৰ কৰি তোলাৰ লগতে প্রায় ১১ মাহ ১০ দিন ধৰি অসমৰ বিভিন্ন স্থানৰ ৪০ৰো অধিক শিল্পী আৰু কাৰিকৰী শিল্পীৰ অক্লান্ত পৰিশ্ৰম আৰু কঠোৰ সাধনাৰ ফলস্বৰূপে চলচ্চিত্র 'আশীষ'ৰ প্রিমিয়াৰ শ্ব'ৰ প্ৰদৰ্শন সম্ভৱ হোৱা বুলি চলচ্চিত্ৰখনৰ নিৰ্মাতাই জানিবলৈ দিয়ে। 

চলচ্চিত্ৰখনৰ পৰিচালক তথা প্রযোজক তুষাৰ শৰ্মাৰ মতে, প্রায় ৪০-৪৫ লাখ টকা ব্যয়েৰে নিৰ্মাণ কৰা 'আশীষ' হৈছে অসমত প্রথমবাৰৰ বাবে চেন্সৰ চার্টিফিকেট লাভ কৰা গোর্খালী চলচ্চিত্ৰ। তেওঁৰ মতে, এই চলচ্চিত্ৰখনে অসমৰ সাংস্কৃতিক ক্ষেত্ৰত এক নতুন ধৰণেৰে প্ৰৱেশ কৰাৰ প্ৰয়াস কৰিছে। চলচ্চিত্ৰখনত অসমৰ জনপ্রিয় গায়িকা সুৰেখা চেত্ৰী, আশিস গজমেৰ, অনীষা ৰছাইলী আদিকে ধৰি বহু উদীয়মান শিল্পী আৰু নতুন মুখৰ অভিনেতা-অভিনেত্রীয়ে অভিনয় কৰিছে। চলচ্চিত্ৰখনৰ গীতসমূহত নীতিশ শৰ্মা, বিজয় দৰ্জী আৰু সুৰেখা চেত্ৰীয়ে কণ্ঠদান কৰিছে। গোর্খালী জনজীৱন, গোর্খালী খাদ্যাভ্যাস, ভাষা-সাহিত্য আৰু সংস্কৃতিক সামৰি নিৰ্মাণ কৰা হৈছে এই চলচ্চিত্ৰখন। মুখ্য নায়কৰ ভূমিকাত আশিস গজমেৰ আৰু মুখ্য নায়িকাৰ ভূমিকাত অনীষা ৰছাইলীয়ে উৎকৃষ্ট অভিনয় কৰিছে। চলচ্চিত্ৰখনৰ দৃশ্যগ্ৰহণ অসমৰ গুৱাহাটী, ঢেকীয়াজুলি, ধিৰাই মাজুলীকে ধৰি বিভিন্ন স্থানৰ লগতে গোৱাৰ পাঁচটা স্থানতো কৰা হৈছে। চলচ্চিত্ৰখনৰ কৰিঅ'গ্ৰাফী প্রযোজক তথা পৰিচালক তুষাৰ শৰ্মাই নিজে কৰিছে। আনহাতে, গীতসমূহৰ কৰিঅ'গ্ৰাফী উদীয়মান গায়ক বিজয় দর্জী আৰু নীতিশ শৰ্মাই কৰিছে। চলচ্চিত্রখনত অসমৰ বিভিন্ন ক্ষেত্ৰৰ প্ৰতিভাশালী যুৱক-যুৱতীৰ উৎকৃষ্ট অভিনয় দেখা গৈছে। 

আইদেউ চিনেমা হলত অনুষ্ঠিত 'আশীষ'ৰ প্রিমিয়াৰ শ্ব'ত সদৌ অসম গোর্খা ছাত্ৰ সংঘৰ কেন্দ্ৰীয় সমিতিৰ নৱনিযুক্ত মুখ্য সম্পাদক সোমৰাজ সোণাৰ, অসম গোর্খা সন্মিলনৰ সভাপতি কৃষ্ণ ভুজেল, আগছু কামৰূপ মহানগৰ জিলা সমিতিৰ সম্পাদক তথা গায়ক গোপালৰাজ শর্মা, গোর্খা উন্নয়ন পৰিষদৰ সদস্য ৰাজ নেৱাৰ, অসমৰ সাংগীতিক ক্ষেত্ৰৰ জনপ্রিয় গায়ক তিলক নেৱাৰ, ৰোহিত সোণাৰ, জনপ্রিয় ইউটিউবাৰ বিকাশ চেত্ৰীকে ধৰি বিভিন্ন ক্ষেত্ৰৰ সংস্কৃতিপ্রেমী, চলচ্চিত্ৰপ্ৰেমী ৰাইজ উপস্থিত থাকে। 'আশীষ' চলচ্চিত্রখন অসমকে ধৰি ভাৰতৰ বিভিন্ন গোর্খা অধ্যুষিত অঞ্চলৰ চিনেমা হলতো প্ৰদৰ্শন কৰা হ'ব।

Share This