ডিজিটেল ডেস্ক : শৰৎ আহিল। কোনে ক'লে? বতাহে ক'লে, আকাশে ক'লে, শেৱালিয়ে ক'লে, কঁহুৱাই ক'লে। বর্ষাই যেতিয়া নিজৰ শেষ চকুলোখিনি টুকি বিদায় লয়, তেতিয়া আকাশখনে লাহে লাহে মুখৰ পৰা ক'লা ওৰণিখন আঁতৰাই দিয়ে। এতিয়া আকাশ আৰু আগৰ দৰে গোমা নহয়। এতিয়া আকাশ স্বচ্ছ, নীলা, গভীৰ- যেন কোনোবাই ধুই-মেলি থোৱা এখন বিশাল দাপোণ। সেই দাপোণত চপৰা চপৰা বগা মেঘৰ খেলা। কেতিয়াবা হাতীৰ দৰে, কেতিয়াবা ঘোঁৰাৰ দৰে, কেতিয়াবা পৰীৰ দৰে। পুৱাৰ বতাহজাকত এতিয়া এটা চেঁচা মিঠা গোন্ধ।
পুৱাৰ প্ৰথম ৰ'দজাকে খিৰিকীৰে সোমাই অহাৰ আগতেই দুবৰিৰ দলিচাত মুকুতা হৈ জিলিকি থাকে নিয়ৰ। খালী ভৰিৰে সেই নিয়ৰত খোজ দিলে ভৰিৰ পতাৰ পৰা বুকুলৈকে বৈ যায় এক শিহৰণ। খিৰিকী খুলিলেই ভাঁহি আহে ভিজা দূবৰিৰ গোন্ধ, নিয়ৰৰ গোন্ধ। সেই দূবৰিৰ কাষৰ শেৱালিজোপাৰ তলত যেন সৰু সৰু তৰাৰ দৰে সৰি পৰি থাকে বগা পাহিৰে শেৱালি ফুলবোৰ। শেৱালি কেৱল ফুল নহয়, ই হৈছে শৰতৰ চিঠি। শেৱালিৰ গোন্ধেই যেন কঢ়িয়াই আনে শাৰদীয় দুর্গোৎসৱৰ পূজা পূজা গোন্ধ। ইয়াৰ লগে লগে নৈৰ বালিচৰত, বিলৰ পাৰত কঁহুৱাৰ সাগৰ। বতাহ বলিলেই শুভ্র কঁহুৱাৰ থোকবোৰে মূৰ দোঁৱাই দোঁৱাই নাচে। এনেহেন লাগে যেন ধৰিত্ৰীয়ে নিজৰ জীয়ৰী দুর্গাক আদৰিবলৈ বগা দলিচা পাৰি থৈছে। শৰৎ কোনো সাধাৰণ ঋতু নহয়।
শৰৎ হৈছে অপেক্ষাৰ ঋতু, মিলনৰ ঋতু। বছৰৰ যিকেইটা ঋতুৱে পৃথিৱীলৈ অপাৰ সৌন্দর্য কঢ়িয়াই আনি জীৱজগত, জড় জগত সকলোতে আনন্দৰ মেলা পাতে, তাৰ ভিতৰত শৰৎ আৰু বসন্তই শ্রেষ্ঠ। আৰু এই দুয়োটা ঋতুতে দেৱীৰ পূজা হয়। বসন্তত বাসন্তী পূজা আৰু শৰতত শাৰদীয় পূজা। এই নান্দনিকতাৰ আঁৰত আন এখন জগতত কিন্তু অবিৰাম ব্যস্ততা চলিছে। দুর্গোৎসৱ বুলি ক'লেই যেন খনিকৰৰ এৰাব নোৱাৰা ব্যস্ততা। দিন-ৰাতি একাকাৰ কৰি খনিকৰসকল মৃন্ময় মূর্তি নির্মাণত ব্যস্ত হৈ পৰিছে। যেতিয়া খনিকৰে তুলিকাৰে দেৱীৰ চকুত ৰং দিয়ে, তেতিয়াই মাটিৰ মূৰ্তিয়ে প্রাণ পাই উঠে। ইফালে ঢাকীয়েও ৰ'দত ঢাকৰ চামৰা শুকুৱাইছে। ঢাকৰ 'ঢাক-ঢোল'ৰ শব্দ অবিহনে পূজা আধৰুৱা। খনিকৰৰ ব্যস্ততাৰ সমানুপাতিকভাৱে পূজাৰ আয়োজনৰ বাবে চৌদিশে এক খদমদম পৰিৱেশৰ সৃষ্টি হৈছে। প্ৰতিবছৰৰ দৰে এইবাৰো পূজা সমিতিসমূহৰ মাজত আকর্ষণীয় মণ্ডপ নিৰ্মাণৰ অঘোষিত প্রতিযোগিতা চলিছে। অত্যাধুনিক প্রযুক্তিৰ বাবে কলকাতাৰ পৰাও আহিছে শিল্পী। বহু পূজা সমিতিৰ এইবাৰ বাজেট ৫০-৬০ লাখ টকা পর্যন্ত হ'বগৈ বুলি জানিব পৰা গৈছে। আনহাতে, এইবাৰ বানপীড়িত উজনিৰ শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাত পূজাৰ আনন্দ কিছু ম্লান পৰিছে যদিও দেৱী দুর্গাক আদৰিবলৈ সীমিত বাজেটেৰে আধ্যত্মিকতাৰে পূজা আয়োজনৰ প্ৰস্তুতি চলাইছে। মুঠৰ ওপৰত মহিষমর্দিনী-শক্তিৰূপিনী দেবী দুর্গাক আদৰিবলৈ এতিয়া সকলো যিদৰে, যেনেকৈ পাৰে ব্যস্ত হৈ পৰিছে।
উল্লেখযোগ্য যে দুর্গা পূজা কেৱল উৎসৱ নহয়, ই আত্মাৰ জাগৰণ। যি দেৱীয়ে আমাক দুর্গম দুখৰ পৰা ৰক্ষা কৰে, তেৱেঁই দুর্গা। মাটিৰ মূৰ্তি গঢ়ি পানীত উটুৱাই দিয়াটোৱে আমাক জীৱনৰ আটাইতকৈ ডাঙৰ সত্য শিকায়, যি আহিছে, সি যাবই। শৰীৰটো মাটিৰ, মাটিতে মিলিব। কিন্তু শক্তি অবিনশ্বৰ। বিসর্জন মানে শেষ নহয়, বিসর্জন মানে আকৌ আহিম বুলি দিয়া প্রতিশ্রুতি।