ডিজিটেল ডেস্ক: 'ৰূপকোঁৱৰ জ্যোতি প্রসাদ আগৰৱালাই বাট কাটি দিয়া অসমীয়া চলচ্চিত্রই বিগত নটা দশকত বহু যুগান্তকাৰী পৰিৱৰ্তনৰ সাক্ষী হৈছে।' শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰী দামোদৰদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত আয়োজিত নৱম অসম ৰাজ্যিক চলচ্চিত্র বঁটা প্রদান অনুষ্ঠানত উপস্থিত থাকি ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বড়াই এইদৰে কয়।
অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ যৌথ উদ্যোগত আয়োজিত নৱম অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা প্রদান অনুষ্ঠানত উপস্থিত থাকি সাংস্কৃতিক মন্ত্রী বড়াই অসমীয়া চলচ্চিত্র উদ্যোগক আগবঢ়াই নিয়াৰ দিশত দৰ্শকৰ দায়িত্ব সন্দৰ্ভতো মত ব্যক্ত কৰে। বহুকেইগৰাকী নতুন চলচ্চিত্র নির্মাতাই বিশ্বমানৰ ছবি নির্মাণেৰে সাম্প্ৰতিক অসমীয়া ছবিৰ উত্তৰণত বিশেষ বৰঙণি যোগোৱাৰ কথাও মন্ত্ৰীগৰাকীয়ে ভাষণ আগবঢ়ায়।
অসমীয়া চলচ্চিত্ৰৰ উত্তৰণৰ বাবে অসম চৰকাৰৰ ৫০ লাখকৈ টকা অনুদানেৰে ১০টা ছবিগৃহ নিৰ্মাণ হৈ থকাৰ কথাও মন্ত্ৰীগৰাকীয়ে নিজৰ বক্তব্যত উল্লেখ কৰে। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই জ্যোতিপ্ৰসাদ আগৰৱালাই আৰম্ভ কৰা অসমীয়া চলচ্চিত্ৰৰ বিগত সময়ৰ পৰিক্ৰমা অসমীয়া সংস্কৃতিৰো এক পৰিক্ৰমা বুলি উল্লেখ কৰে।
ড° ভূপেন হাজৰিকা, জুবিন গাৰ্গৰ দৰে মহান শিল্পীসকলে অসমীয়া চলচ্চিত্ৰৰ বাবে আগবঢ়াই যোৱা অৱদানৰ কথাও ভাষণত ৰাজ্যপাল আচাৰ্যই উল্লেখ কৰে। বঁটা প্ৰদান অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্য আৰু মন্ত্ৰী বিমল বড়াই ২০২০ আৰু ২০২১ বৰ্ষৰ অসমীয়া চলচ্চিত্ৰৰ বাবে বঁটাপ্রাপকসকলক ৰাজ্যিক বঁটাসমূহ প্রদান কৰে।
উল্লেখযোগ্য যে ২০২১ বৰ্ষত ধনজিৎ দাস পৰিচালিত 'শব্দ নিশব্দ কোলাহল' চলচ্চিত্রখনে শ্রেষ্ঠ চলচ্চিত্র, শ্রেষ্ঠ পৰিচালককে ধৰি চাৰিটাকৈ বঁটা লাভ কৰে। ইয়াৰ বিপৰীতে ২০২০ বৰ্ষত শ্রেষ্ঠ চলচ্চিত্ৰ আৰু শ্রেষ্ঠ পৰিচালকৰ শিতানত বঁটা লাভ কৰে বিশ্বজিৎ বড়া পৰিচালিত 'বেলকনিত ভগৱান' চলচ্চিত্ৰখনে। অনুষ্ঠানত দুয়োটা বৰ্ষৰ বাবে প্রায় ৪০টা শিতানত ৰাজ্যিক চলচ্চিত্ৰ বঁটা প্ৰদান কৰা হয়।
আনহাতে, অসমীয়া চলচ্চিত্রলৈ আগবঢ়োৱা অৱদানৰ বাবে জীৱনজোৰা সাধনা বঁটা ২০২১ আৰু ২০২০ বৰ্ষৰ বাবে প্ৰদান কৰা হয় অভিনেতাদ্বয় দিনেশ দাস আৰু জয়ন্ত ভাগৱতীক। অনুষ্ঠানত আদৰণী ভাষণ দিয়ে অসম ৰাজ্যিক চলচ্চিত্র বিত্ত উন্নয়ন নিগমৰ অধ্যক্ষ সীমান্ত শেখৰে। অনুষ্ঠানত ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব ড° বি কল্যাণ চক্ৰৱৰ্তী আৰু সাংস্কৃতিক সঞ্চালক ৰাহুল চন্দ্র দাসে জুৰীসকলক সম্বর্ধনা জ্ঞাপন কৰে।