পশ্চিম বংগত ৰাষ্ট্ৰপতি মুর্মুক অসম্মান, মমতাৰ চৰকাৰক সমালোচনা ৰাজ্যিক বিজেপিৰ

dainik janambhumi March 09, 2026

ডিজিটেল ডেস্ক : দেশৰ ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মুৱে পশ্চিম বংগক ৯ম আন্তঃৰাষ্ট্ৰীয় চাওতাল সম্মিলনত অংশগ্রহণ কৰাৰ সময়ত হোৱা ঘটনাৱলীক লৈ গভীৰ উদ্বেগ প্রকাশ কৰিছে ভাৰতীয় জনতা পার্টিয়ে। দলটোৰ ৰাজ্যিক মুখপাত্র মিতা নাথ বৰাই আজি ৰাজ্যিক কাৰ্যালয়ৰ পৰা প্ৰেৰণ কৰা বিবৃতিত উল্লেখ কৰে যে সন্মিলনখন চাওতাল জনগোষ্ঠীৰ সদস্যসকল আৰু বিভিন্ন অঞ্চলৰ প্ৰতিনিধিসকলক একত্ৰিত কৰি জনজাতীয় কল্যাণ, সাংস্কৃতিক সংৰক্ষণ আৰু সমাজখনৰ ভৱিষ্যৎ আকাংক্ষা সম্পৰ্কীয় গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত আলোচনা কৰাৰ এক গুৰুত্বপূৰ্ণ মঞ্চ। সম্মিলনখনৰ প্ৰথমে নিৰ্ধাৰিত স্থান আছিল বিধান নগৰ। এই ঠাইত বৃহৎসংখ্যক জনগোষ্ঠীৰ সদস্য আৰু প্রতিনিধিসকলক স্থান দিয়াৰ সুবিধা আছিল। কিন্তু পিছলৈ সম্মিলনৰ স্থান সলনি কৰি গোসাইপুৰলৈ লৈ যোৱা হয়। এই স্থান তুলনামূলকভাৱে সৰু আৰু কম সুবিধাজনক। এই স্থান পৰিৱৰ্তনৰ ফলত বহু চাওতাল জনগোষ্ঠীৰ সদস্যই সম্মিলনৰ আলোচনাত অংশ ল'ব নোৱাৰিলে বুলি ৭ মার্চত ৰাষ্ট্ৰপতিগৰাকীয়ে নিজেই উল্লেখ কৰে। 

ইয়াৰ লগতে ৰাষ্ট্ৰপতিগৰাকীৰ এই ভ্ৰমণৰ সময়ত প্রচলিত প্রট'কল ভংগ হোৱা বিষয়টোও উদ্বেগজনক। দীর্ঘকালৰ সাংবিধানিক পৰম্পৰা অনুসৰি, ভাৰতৰ ৰাষ্ট্ৰপতিয়ে কোনো ৰাজ্য ভ্ৰমণ কৰিলে সেই ৰাজ্যৰ মুখ্যমন্ত্ৰী বা ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ প্রতিনিধিয়ে আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰপতিগৰাকীক অভ্যর্থনা জনায়। কিন্তু সেইদিনা ৰাজ্য চৰকাৰৰ কোনো জ্যেষ্ঠ নেতৃত্ব ৰাষ্ট্ৰপতিগৰাকীক অভ্যর্থনা জনাবলৈ উপস্থিত নাছিল। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে এই ঘটনাক 'লজ্জাজনক আৰু নজিৰবিহীন' বুলি অভিহিত কৰিছে আৰু কৈছে যে এই ধৰণৰ ঘটনা ভাৰতৰ গণতন্ত্ৰৰ মূল্যবোধৰ বাবে গভীৰভাৱে হতাশাজনক। সাংবিধানিক প্রতিষ্ঠানসমূহৰ প্ৰতি সন্মান আৰু ৰাষ্ট্ৰপতিৰ পদবীৰ মৰ্যাদা ৰাজনৈতিক বিবেচনাৰ ঊর্ধ্বত থাকিব লাগিব। বৰাই কয় যে পশ্চিম বংগত মমতা বেনাৰ্জীৰ নেতৃত্বাধীন চৰকাৰে ৰাষ্ট্ৰপতিগৰাকীৰ ভ্রমণটো যি ধৰণে পৰিচালনা কৰিলে, তাক বিজেপিয়ে কঠোৰভাৱে নিন্দা কৰে। ভাৰতৰ প্ৰথম নাগৰিকৰ প্ৰতি প্ৰাপ্য মর্যাদা আৰু সন্মান সদায় বজাই ৰখা উচিত। এই ঘটনাটো আৰু অধিক দুর্ভাগ্যজনক, কাৰণ ই আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱসৰ সময়ছোৱাত সংঘটিত হৈছে- যি দিনটো বিশ্বজুৰি মহিলাসকলৰ সাফল্য, মর্যাদা আৰু ক্ষমতায়নৰ উদ্যাপন কৰা হয়। ভাৰতৰ ৰাষ্ট্ৰপতি কেৱল দেশৰ সাংবিধানিক মুৰব্বী নহয়, তেওঁ দেশৰ প্ৰথমগৰাকী জনজাতীয় মহিলা, যিয়ে এই শীর্ষ পদ অলংকৃত কৰিছে আৰু যাৰ মাজেৰে দেশজুৰি লাখ লাখ লোকৰ আশা আৰু গৌৰৱ প্ৰতিফলিত হয়। 

বিজেপিয়ে পুনৰ উল্লেখ কৰে যে সাংবিধানিক পদসমূহৰ মৰ্যাদা আৰু গণতান্ত্রিক আচৰণৰ মূল নীতি সদায় সন্মান কৰা উচিত। এই মূল্যবোধসমূহক ক্ষতিগ্রস্ত কৰিব পৰা যিকোনো কাৰ্যই গুৰুত্বসহকাৰে বিবেচনা কৰা উচিত। বৰাই আৰু কয় যে ভাৰতীয় জনতা পার্টিয়ে দৃঢ়ভাবে বিশ্বাস কৰে যে ভাৰতৰ জনজাতীয় সমাজৰ ক্ষমতায়ন আৰু মহিলাসকলৰ ক্ষমতায়ন দলটোৰ অন্যতম প্রধান অগ্রাধিকাৰ। অসমত মহিলাৰ কল্যাণ আৰু ক্ষমতায়ন শাসনৰ এক গুৰুত্বপূৰ্ণ ক্ষেত্ৰ হিচাপে ধৰা হৈছে বুলি অসম প্রদেশ বিজেপিয়ে উল্লেখ কৰিছে।

Share This