ডিজিটেল ডেস্ক : ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মুৱে কালি পশ্চিম উপকূলত ভাৰতীয় নৌসেনাৰ আগশাৰীৰ ছাবমেৰিন আই এন এছ বাঘশীৰত উঠি সমুদ্ৰত ভ্ৰমণ কৰে। ছাবমেৰিনত উঠি সমুদ্ৰত ভ্ৰমণ কৰা তেওঁ দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি। ইয়াৰ আগতে ২০০৬ চনত তদানীন্তন ৰাষ্ট্ৰপতি ড° এ পি জে আব্দুল কালামে ভাৰতীয় নৌসেনাৰ ছাবমেৰিনত উঠি সমুদ্ৰত ভ্ৰমণ কৰিছিল। বিষয়াসকলে প্রকাশ কৰা মতে, কৰ্ণাটকৰ কাৰৱাৰ নৌসেনাৰ ঘাটিৰ পৰা কলৱাৰ শ্ৰেণীৰ ছাবমেৰিনত উঠাৰ সময়ত ৰাষ্ট্ৰপতি মুৰ্মৰ লগত নৌসেনা প্রধান এডমিৰেল দীনেশ কে ত্রিপাঠীও উপস্থিত আছিল।
ৰাষ্ট্ৰপতিৰ সচিবালয়ে সামাজিক মাধ্যমতদিয়া এটা প'ষ্টত কয়, 'ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মুৱে কাৰৱাৰ নৌসেনাৰ ঘাটিৰ পৰা ভাৰতীয় নৌসেনাৰ স্বদেশী কলৱাৰ শ্ৰেণীৰ ছাবমেৰিন আই এন এছ বাঘশীৰত উঠে।' ৰাষ্ট্ৰপতিৰ সচিবালয়ে প'ষ্টটোৰ লগতে ফটোও প্রকাশ কৰে। ইয়াত ৰাষ্ট্ৰপতিয়ে নৌসেনাৰ পোছাক পিন্ধি ছাবমেৰিনত প্ৰৱেশ কৰে আৰু তাৰ আগতে হাত জোকাৰি নৌসেনাৰ লোকসকলৰ অভিবাদন স্বীকাৰ কৰে। পি৭৫ স্কর্পিনৰ ষষ্ঠ তথা অন্তিমখন ছাবমেৰিন আই এন এছ বাঘশীৰ যোৱা জানুৱাৰীত ভাৰতীয় নৌসেনাত চামিল কৰা হৈছিল।
উল্লেখযোগ্য যে ৰাষ্ট্ৰপতি মুর্মুৱে ইয়াৰ আগতে ভাৰতীয় বায়ুসেনাৰ বিমানত উৰণ সম্পন্ন কৰিছিল। তেওঁ বায়ুসেনাৰ দুখন যুঁজাৰু বিমানত উৰণ সম্পন্ন কৰা প্ৰথমগৰাকী ৰাষ্ট্ৰপতি। যোৱা ২৯ অক্টোবৰত ৰাষ্ট্ৰপতিয়ে আম্বালাত থকা বায়ুসেনাৰ ঘাটিত ৰাফেলত উৰণ সম্পন্ন কৰিছিল। তেওঁ উঠা বিমানখনৰ পাইলট আছিল স্কোৱাড্রন লীডাৰ শিৱাংগী সিং। তাৰ আগতে ৰাষ্ট্ৰপতিয়ে ২০২৩ চনৰ ৭ এপ্ৰিলত অসমৰ তেজপুৰত থকা বায়ুসেনাৰ ঘাটিত ছুখয় ৩০ এম কে আই বিমানত উঠিছিল।