ডিজিটেল ডেস্ক : কৃষি বিভাগে কৃষকৰ উৎপাদন বৃদ্ধি কৰাৰ বাবে কেতবোৰ পদক্ষেপ গ্রহণ কৰিছে, সেই সময়তে কৃষকে উৎপাদিত বৰো ধানৰ উচিত বজাৰ মূল্যৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে। এতিয়া বৰো ধান চপোৱাৰ সময়। এফালে দাম বৃদ্ধিয়ে জুৰুলা কৰিছে, আনফালে বৰো ধানৰ দাম অতি নিম্নগামী হোৱাত ধান খেতি কৰা কৃষকসকলে মূৰে-কপালে হাত দিব লগা হৈছে। শোণিতপুৰৰ বৰছলা, ঢেকীয়াজুলি আদি ঠাইত বৰো ধানৰ মূল্য প্রতি মুনত ৫০০ৰ পৰা ৫৫০ টকা পর্যন্ত বজাৰ মূল্য হোৱাত ইয়াৰ কৃষকসকলে হাহাকাৰ কৰিব লগা হৈছে। বিগত বৰ্ষত এই সময়ত কৃষকে বৰো ধানৰ উচিত দাম লাভ কৰিছিল যদিও এইবাৰ হ'ল নিম্নগামী।
ইফালে বৰো ধানৰ খেতি কৰি বহু কৃষকে বছৰটোৰ বাবে উপাৰ্জনৰ আশা পুহিছিল যদিও ধানৰ দাম নিম্নগামী হোৱাত হতাশ কৰিছে শোণিতপুৰৰ বৰছলা, ঢেকীয়াজুলিৰ কৃষকক। উল্লেখযোগ্য যে অঞ্চলটোৰ বহু কৃষকে বিঘাই বিঘাই বৰো ধানৰ খেতি কৰিছিল। উক্ত ধান খেতিৰ উৎপাদিত বৰো ধানৰ দাম নিম্নগামী হোৱাত কৃষকসকলে উপায়হীন হৈ বৃহৎ লোকচানৰ সন্মুখীন হৈ কম দামত ধান বিক্ৰী কৰিবলগীয়া হৈছে। আনহাতে, ধান দাম বৃদ্ধি হ'ব বুলি আশা কৰি বিক্ৰীৰ বাবে দ'মে দ'মে ধান মজুত কৰি ৰাখিছিল। সেই সময়তে বৰষুণ পৰাত ধান গজালি মেলিবলৈ ধৰিছে। বৰো ধানসমূহ উচিত মূল্যৰ অভাৱত বিনষ্ট হোৱাৰো উপক্রম হৈছে।
ঋণ-ধাৰ লৈ বৰো ধান খেতি কৰি বৰো ধানৰ উচিত মূল্যৰ বিপৰীতে কম দামৰ ধান বিক্ৰী কৰি বৃহৎ লোকচানৰ সন্মুখীন হৈছে এইসকল কৃষক। এইক্ষেত্ৰত চৰকাৰে বজাৰ মূল্য নির্ধাৰণ কৰিব লাগিছিল যদিও কোনো গুৰুত্ব নিদিয়াত মধ্যভোগী আৰু একাংশ পুঁজিপতিৰ বাবে আজি কৃষকসকল ধানৰ উচিত মূল্যৰ পৰা বঞ্চিত হৈছে। কিন্তু সকলো জানি-বুজিও নিধিৰাম চৰ্দাৰৰ ৰূপত কৃষি মন্ত্ৰী অতুল বৰা। এইক্ষেত্ৰত বিভাগীয় কর্তৃপক্ষই উচিত মূল্য নির্ধাৰণ কৰি কৃষকক সকাহ দিয়াৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনায়।