দেশত বৃদ্ধি বৃদ্ধি হ'ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম

dainik janambhumi September 28, 2026

ডিজিটেল ডেস্ক : উৎসৱৰ বতৰৰ আগে আগে দেশত টেলিভিছন, ৰেফ্ৰিজাৰেটৰ, এ চিকে আৰু ৱাশ্বিং মেচিনকে ধৰি বিভিন্ন সামগ্ৰীৰ দাম ১ অক্টোবৰৰ পৰা ৮ শতাংশ পর্যন্ত বৃদ্ধি পাব। আন্তঃৰাষ্ট্ৰীয় বজাৰত তাম, ষ্টিল, এলুমিনিয়াম আৰু খাৰুৱা তেল তথা প্রাকৃতিক গেছৰ সৈতে সম্পর্ক থকা কেঁচা মালৰ দাম দ্রুতগতিত বৃদ্ধি পোৱা তথা ডলাৰৰ তুলনাত টকাৰ মূল্য হ্রাস-বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি কোম্পানীসমূহে এই সিদ্ধান্ত গ্ৰহণ কৰে। চলিত বছৰত দেশৰ কনজিউমাৰ ইলেকট্ৰ'নিক ইণ্ডাষ্ট্ৰীয়ে তৃতীয় বাৰলৈ দাম বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰে। 

উল্লেখযোগ্য যে চলিত বছৰত উপভোক্তা ইলেক্ট্রনিক সামগ্ৰীৰ দাম প্রায় ২৩% বৃদ্ধি পাইছে। এই খণ্ডটোৰ সৈতি জড়িত বিশেষজ্ঞসকলৰ মতে, এ চিৰ দাম সৰ্বাধিক ৫-৮% বৃদ্ধি পাব। আনহাতে, এল ই ডি টিভি আৰু ৱাশ্বিং মেচিনৰ দাম ৩-৪% বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। ব্লুষ্টাৰ, গদৰেজ এপ্লায়েন্সেজ, হেয়াৰ ডাইকিন আৰু ছুপাৰ ইলেক্ট্রনিক্‌ৰ দৰে আগশাৰীৰ কোম্পানীসমূহে এই সামগ্ৰীসমূহৰ দাম ৪-১০% বৃদ্ধি পাব বুলি নিশ্চিত কৰিছে। 

ব্লুষ্টাৰৰ মতে, বিশ্বত চলি থকা অনিশ্চয়তাৰ ফলত তাম, ষ্টিল আৰু প্লাষ্টিকৰ দৰে সামগ্ৰীৰ দাম বৃদ্ধি পাইছে। ইয়াৰ ফলত যোৱা বছৰৰ উৎসৱৰ বতৰৰ তুলনাত এই বছৰ নিৰ্মাণ ব্যয় প্রায় ১৫% বৃদ্ধি পাইছে। অৱশ্যে জি এছ টিত ১০% ৰেহাই দিয়াৰ বাবে গ্ৰাহকৰ ওপৰত মাত্র ৫% বোজা বৃদ্ধি পাব। গদৰেজে প্ৰকাশ কৰা মতে, উৎপাদন ব্যয় ৮-১০% বৃদ্ধি পাইছে আৰু সেয়েহে এতিয়া দাম বৃদ্ধি কৰাটো নিশ্চিত। অৱশ্যে উৎসৱৰ বতৰত হোৱা বিক্ৰীত দাম বৃদ্ধিৰ প্ৰভাৱ সীমিত হ'ব বুলি কোম্পানীসমূহে আশা প্রকাশ কৰিছে।

Share This