ডিজিটেল ডেস্ক : তিনি দেশীয় ভ্রমণসূচীৰ প্ৰথম পর্যায়ত ইণ্ডোনেছিয়াত উপস্থিত হোৱা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক মঙলবাৰে দেশখনৰ সৰ্বোচ্চ সন্মানেৰে সন্মানিত কৰা হয়। তদুপৰি মঙলবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্রব'ৱ' ছুবিয়ান্ট'ৰ সৈতে বিস্তৃত আলোচনাত মিলিত হোৱাৰ পাছত বিভিন্ন ক্ষেত্রত সহযোগিতা বৃদ্ধি কৰিবলৈ দুয়ো পক্ষই ১৪খন চুক্তিত স্বাক্ষৰ কৰে। তাৰ পাছতে ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীয়ে ইণ্ডোনেছিয়াৰ সংসদত ভাষণ দিয়ে।
ভাৰত আৰু ইণ্ডোনেছিয়াৰ সম্পৰ্ক শক্তিশালী কৰাত প্রধানমন্ত্রী মোদীৰ ভূমিকাৰ বাবে মঙলবাৰে তেওঁক ইণ্ডোনেছিয়াৰ সৰ্বোচ্চ সন্মান 'বিনটাং আদিপূর্ণ অব্ দ্য ৰিপাব্লিক অব্ ইণ্ডোনেছিয়া' সন্মানেৰে সন্মানিত কৰা হয়। দেশখনৰ ৰাষ্ট্ৰপতি প্রব'ৱ' ছুবিয়ান্ট'ই মোদীক উক্ত পদক প্রদান কৰে।
উল্লেখযোগ্য যে 'বিনটাং'ৰ অৰ্থ হৈছে তৰা বা তাৰকা। 'আদিপূৰ্ণ'ৰ অৰ্থ হৈছে 'সম্পূৰ্ণ নিখুঁত।' ভাৰতৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ সামাজিক মাধ্যম 'এক্স'ৰ প'ষ্টত পাছত মোদীয়ে এই বিষয়ত কয়, 'আজি পুৱা অতি আদৰেৰে মোক ইণ্ডোনেছিয়াৰ সর্বোচ্চ সন্মানেৰে সন্মানিত কৰা হয়। এই সন্মান কোটি কোটি ভাৰতীয়ৰ... এই সন্মান ইণ্ডোনেছিয়াৰ জনতাৰ আৱেগৰ, ভাৰত-ইণ্ডোনেছিয়াৰ ঐতিহাসিক আৰু অন্তৰংগ সম্পৰ্কৰ।' প্রধানমন্ত্রীয়ে আৰু কয়, 'মই ৰাষ্ট্ৰপতি প্ৰব'ৱ' ডাঙৰীয়া, ইণ্ডোনেছিয়াৰ চৰকাৰ আৰু ইয়াৰ জনসাধাৰণৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।'
উল্লেখযোগ্য যে ১৯৫৯ চনত আৰম্ভ কৰা 'বিনটাং আদিপূর্ণ অব্ দ্য ৰিপাব্লিক অব ইণ্ডোনেছিয়া' হৈছে ইণ্ডোনেছিয়া গণৰাজ্যৰ সৰ্বোচ্চ সন্মান।