প্রধানমন্ত্রী মোদীক নৰৱ'ৰ সৰ্বোচ্চ সন্মান

dainik janambhumi May 19, 2026

ডিজিটেল ডেস্ক : প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কালি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এক ডাঙৰ কৃতিত্ব অর্জন কৰে। প্ৰধানমন্ত্ৰী কালি নৰৱ'ত উপস্থিত হোৱাৰ সময়ত দেশখনৰ সর্বোচ্চ সন্মানেৰে সন্মানিত কৰা হয়। প্ৰধানমন্ত্ৰীক নৰৱেৰ ৰজা পঞ্চম হেৰাল্ডে দেশখনৰ সৰ্বোচ্চ সন্মান 'গ্ৰেণ্ড ক্ৰছ অব দ্য ৰয়েল নৰৱিজন অৰ্ডাৰ অব্ মেৰিট' প্ৰদান কৰে। নৰৱেৰ চৰকাৰৰ তৰফৰ পৰা জনোৱা মতে, গ্রেণ্ড ক্রছ অব দ্য ৰয়েল নৰৱিজন অৰ্ডাৰ অব্ মেৰিট দেশখনৰ সৰ্বোচ্চ সন্মান আৰু বিশেষ অৱদান আগবঢ়োৱা ব্যক্তিকহে এই বঁটাৰে সন্মানিত কৰা হয়। ইয়াকে ধৰি প্রধানমন্ত্রী মোদীয়ে এতিয়ালৈকে ৩২টা আন্তঃৰাষ্ট্ৰীয় সর্বোচ্চ সন্মান লাভ কৰে। ইফালে প্রধানমন্ত্রীয়ে এই সন্মান লাভ কৰি সন্তোষ প্রকাশ কৰে। 

প্রধানমন্ত্রীয়ে এই সন্মান লাভ কৰাৰ পাছতে সামাজিক মাধ্যমত কয়, 'গ্রেণ্ড ক্ৰছ অব দ্য ৰয়েল নৰৱিজন অৰ্ডাৰ অব্ মেৰিট' সন্মান লাভ কৰি গৌৰৱান্বিত অনুভৱ কৰিছোঁ। এই সন্মান ভাৰতৰ জনসাধাৰণ আৰু ভাৰত-নৰৱেৰ শক্তিশালী বন্ধুত্বৰ প্ৰতি উৎসৰ্গা কৰিছোঁ। ই বিশ্বৰ প্ৰগতিৰ বাবে আমাৰ উমৈহতীয়া প্রতিশ্রুতিবদ্ধতাক প্রদর্শিত কৰিছে।' উল্লেখযোগ্য যে প্রধানমন্ত্রীয়ে ১৫ মে'ৰ পৰা ইউৰোপৰ চাৰিখন দেশত ভ্ৰমণ কৰি আছে। দেওবাৰে নেদাৰলেণ্ডৰ পৰা তেওঁ ছুইডেন আৰু তাৰ পাছত কালি নৰৱেত উপস্থিত হয়। নৰৱেৰ পৰা প্রধানমন্ত্রীয়ে ইটালিত ভ্রমণ কৰিব। উল্লেখযোগ্য যে নৰৱে ভ্ৰমণ কৰা মোদী ৪৩ বছৰৰ পাছত প্রথম প্রধানমন্ত্রী। প্রধানমন্ত্রী মোদী নৰৱেৰ ৰাজধানী অছলোৰ বিমান বন্দৰত উপস্থিত হোৱাৰ সময়ত উলহ-মালহেৰে আদৰণি জনোৱা হয়। প্রধানমন্ত্রী মোদীক আদৰণি জনোৱাৰ কাৰণে দেশখনৰ প্রধানমন্ত্রী জনাছ গহৰ ষ্টোৰসহ জ্যেষ্ঠ নেতাসকল অছলোৰ বিমান বন্দৰত উপস্থিত আছিল। 

ইফালে বিমান বন্দৰৰ পৰা হোটেলত উপস্থিত হোৱাৰ সময়ত প্রধানমন্ত্রীক দেশখনত থকা ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলে বিপুলভাৱে আদৰণি জনায়। প্ৰধানমন্ত্ৰীক লগ ধৰাৰ বাবে হোটেলৰ বাহিৰে-ভিতৰে ভাৰতীয় সম্প্ৰদায়ৰ বৃহৎসংখ্যক লোক উপস্থিত আছিল। প্রধানমন্ত্রীয়ে অৱশ্যে কাকো হতাশ নকৰিলে। 'বন্দে মাতৰম' আৰু 'হৰ হৰ মোদী' ধ্বনিৰে মুখৰিত হৈ থকা পৰিৱেশত মোদীয়ে যিমান পাৰে উপস্থিত লোকসকলক লগ ধৰে। ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলে হাতত ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা আৰু প'ষ্টাৰ লৈ আছিল। ইয়াৰ পাছত সংগীত আৰু নৃত্যানুষ্ঠান পৰিৱেশন কৰা হয়। শিশুসকলে শাস্ত্রীয় নৃত্য প্ৰদৰ্শন কৰাৰ লগতে নৰৱিজন আৰু ভাৰতীয় শিল্পীসকলে ভায়লিন আৰু তাৰ পাছত তবলা আৰু চেতাৰ পৰিৱেশন কৰে। মোদী আৰু নৰৱেৰ প্রধানমন্ত্রী ষ্টৰে এখন সংবাদমেল সম্বোধন কৰে। প্ৰধানমন্ত্ৰীয়ে সংবাদমেলত কয় যে যোৱা বছৰ ভাৰত আৰু ইউৰোপীয়ান ইউনিয়নৰ মাজত মুক্ত বাণিজ্য আৰু অর্থনৈতিক চুক্তি স্বাক্ষৰিত হয়। প্রধানমন্ত্রীয়ে কয় যে এই চুক্তিয়ে নৰৱে আৰু ভাৰতৰ উমৈহতীয়া বিকাশ আৰু সমৃদ্ধিৰ শক্তিশালী ভেটি গঢ়াত সহায় কৰিব। এই চুক্তিৰ অধীনত অহা পাঁচ বছৰত ভাৰতত ১০০০০ কোটি ডলাৰ বিনিয়োগ কৰা আৰু প্ৰায় দহ লাখ চাকৰি সৃষ্টিৰ লক্ষ্য লোৱা হৈছে। তেওঁ লগতে কয় যে পশ্চিম এছিয়া আৰু ইউক্রেইনৰ দৰে সংঘৰ্ষৰ সমাধান আলোচনা আৰু কূটনীতিৰ জৰিয়তেহে উলিয়াব পৰা যায়। সংবাদমেলত মোদীয়ে কয় যে ভাৰত আৰু নৰৱে উভয়ে নিয়ম ভিত্তিক ব্যৱস্থা, আলোচনা আৰু কূটনীতিত আস্থা ৰাখে। ভাৰতে শান্তি আৰু শীঘ্ৰে যুদ্ধৰ অন্ত পেলোৱা যিকোনো প্রচেষ্টাক সমৰ্থন কৰি যাব বুলি তেওঁ কয়। তেওঁ কয় যে বিশ্বত বৃদ্ধি পোৱা প্রত্যাহ্বানসমূহৰ মোকাবিলা কৰাৰ কাৰণে আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহত সালসলনিৰ প্ৰয়োজন। 

তেওঁ কয় যে সকলোধৰণৰ সন্ত্রাসবাদ শিপাৰে সৈতে নির্মূল কৰাত ভাৰত আৰু নৰৱে প্রতিশ্রুতিবদ্ধ। যোৱা বছৰ পহলগামত সন্ত্রাসবাদীয়ে কৰা আক্ৰমণটোৰ পাছত ভাৰতক জনোৱা সমর্থনৰ বাবে প্ৰধানমন্ত্ৰীয়ে নৰৱেৰ প্ৰতি কৃতজ্ঞতা প্রকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে আজি ভাৰত-নার্ডিক শীর্ষ সন্মিলনত অংশগ্রহণ কৰিব। ইফালে নৰৱেৰ প্ৰধানমন্ত্ৰী ষ্টৰে কয় যে প্রধানমন্ত্রী মোদীৰ অছলো ভ্রমণ যথেষ্ট গুৰুত্বপূর্ণ। তেওঁ কয় যে বিশ্বত বর্ধিত অনিশ্চয়তা, উত্তেজনা আৰু সংঘৰ্ষৰ যুগত সেইবিলাক দেশৰ সৈতে সম্পৰ্ক শক্তিশালী কৰাৰ প্ৰয়োজন যিবিলাক দেশৰ সৈতে সমান মূল্যবোধ আৰু স্বাৰ্থত সহযোগিতা কৰিব পাৰি। তেওঁ কয় যে ভাৰত আৰু নৰৱেই নতুন চুক্তি কৰিব আৰু ইয়াৰ যোগেদি দুয়োখন দেশৰ মাজত সহযোগিতা অধিক বৃদ্ধি পাব। দুয়োজন প্রধানমন্ত্রীয়ে কালি দ্বি-পাক্ষিক আলোচনাতো মিলিত হয়।

Share This