ডিজিটেল ডেস্ক : প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক কালি ছে'চেলছ্ত দেশখনৰ সৰ্বোচ্চ সন্মানেৰে সন্মানিত কৰা হয়। কালি তেওঁ ৰাজধানী ভিক্টোৰিয়াত উপস্থিত হোৱাৰ পাছত আনুষ্ঠানিকভাৱে গার্ড অব অনাৰ দিয়া হয়। ইয়াৰ লগতে এই ভ্রমণটোৰ সময়ত প্ৰধানমন্ত্ৰীক কালি পৰিৱেশ সংৰক্ষণত স্থায়ী বিকাশৰ ক্ষেত্ৰত দিয়া বিশ্ব পৰ্যায়ৰ নেতৃত্বৰ বাবে ছে'চেলছৰ সৰ্বোচ্চ অসামৰিক সন্মান 'গার্ডিয়ান অব্ দ্য ব্লু হৰাইজনেৰে'ৰে সন্মানিত কৰা হয়।
আনহাতে, প্রধানমন্ত্রীয়ে কালি দেশখনৰ ৰাষ্ট্ৰপতি পেট্রিক হৰ্মিনীৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয়। দেশখনত প্রধানমন্ত্রীয়ে কৰা তিনিদিনীয়া ভ্ৰমণৰ সময়ত ছে'চেলছৰ সৈতে ১৯খন চুক্তিত স্বাক্ষৰ কৰা হয়। এই চুক্তিসমূহৰ ভিতৰত প্ৰতিৰক্ষা সহযোগিতাৰ পৰা আৰম্ভ কৰি স্বাস্থ্য, ডিজিটেল পেমেন্ট, মহাকাশ, কৃষি, আইন, শিক্ষা আৰু উন্নয়নমূলক আঁচনিৰ লগত জড়িত চুক্তি আছে। প্রধানমন্ত্রীয়ে ছে'চেলছ্ক এখন ক্ষিপ্ৰ টহলদাৰী জাহাজ উপহাৰ দিয়ে। ইয়াৰ জৰিয়তে সামুদ্রিক সুৰক্ষাৰ দিশত দুয়োখন দেশৰ সহযোগিতা শক্তিশালী হ'ব বুলি আশা কৰা হৈছে।
দুয়ো দেশৰ মাজত কালি প্রতিনিধি পৰ্যায়ৰ আলোচনাও হয়। প্রধানমন্ত্রী মোদীয়ে কয় যে ভাৰত আৰু ছে'চেলছ্ উভয়ে এই কথা স্বীকাৰ কৰে যে ভাৰত মহাসাগৰ উভয়ৰে উমৈহতীয়া ঘৰ। ইয়াৰ সুৰক্ষা সুস্থিৰতা আৰু সমৃদ্ধি দুয়োখন দেশৰ উমৈহতীয়া দায়িত্ব। প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ দৃষ্টিভংগী হ'ল ভাৰত মহাসাগৰক সুযোগৰ মহাসাগৰ কৰি তোলা। ই এনেকুৱা এটা অঞ্চল হোৱা উচিত য'ত সমুদ্ৰৰ সুৰক্ষাৰ লগতে অৰ্থনৈতিক বিকাশো সুনিশ্চিত হ'ব লাগে। তেওঁ গুৰুত্বসহকাৰে কয় যে সহযোগিতাৰ ভিত্তি কোনো দেশৰ আকাৰক লৈ নহয়, বৰং পৰস্পৰৰ সন্মান আৰু ভৰসা হোৱা উচিত। ইয়েই ভাৰত মহাসাগৰৰ ভিজনৰ প্ৰকৃত চিন্তাধাৰা। প্ৰধানমন্ত্ৰীয়ে স্পষ্টভাৱে কয় যে ভাৰত আৰু ছে'চেলছৰ প্ৰতিৰক্ষা আৰু সুৰক্ষা পৰস্পৰৰ সৈতে জড়িত। দুয়োখন দেশে অর্থনৈতিক সহযোগিতা আৰু অধিক শক্তিশালী কৰাৰ বাবে বিস্তাৰিতভাৱে আলোচনা কৰে। অনাগত দিনবোৰত উদ্যোগসমূহৰ মাজত নতুন সুযোগৰ সন্ধান কৰা আৰু যোগাযোগ বৃদ্ধি কৰাতো দুয়োখন দেশে সন্মতি জনায়।
প্রধানমন্ত্রীয়ে কয় যে ভাৰতৰ ডিজিটেল পাব্লিক ইনফ্রাষ্ট্ৰাকচাৰৰ সফল অভিজ্ঞতা ছে'চেলছ্কো অংশীদাৰিত্ব কৰা হ'ব। আনহাতে, ৰাষ্ট্ৰপতি হৰ্মিনিয়ে কয় যে ভাৰত মহাসাগৰীয় অঞ্চলত সামুদ্রিক সুৰক্ষা ভাৰত আৰু ছে'চেলছৰ সম্পৰ্কৰ গুৰুত্বপূৰ্ণ অংশ। দুয়োখন দেশে সামুদ্রিক ডকাইতি, অবৈধভাৱে মাছ মৰা, সীমান্তৰ সিপাৰৰ অপৰাধৰ বিৰুদ্ধে একেলগে কাম কৰিবলৈ অংগীকাৰ কৰিছে। প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ সময়তে ভাৰতে ছে'চেলছ্ক ৬খন এম্বুলেন্স, ৫০০ মেট্রিকটন চাউল আৰু ৮,৫০০ মেট্রিকটন চিমেন্ট দিয়াৰ কথা ঘোষণা কৰে। ভাৰত আৰু ছে'চেল্ছৰ সম্পৰ্কৰ ৫০ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষত এক স্মাৰক লগ' মুকলি কৰা হয়।