প্রধানমন্ত্রী মোদীয়ে ভ্রমণ কৰিলে ২৩খন দেশ, চলিত বৰ্ষত ৮বাৰ বিদেশলৈ ৰাহুল

dainik janambhumi December 29, 2025

ডিজিটেল ডেস্ক : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাহুল গান্ধীৰ বিদেশ ভ্রমণৰ প্ৰসংগ বিভিন্ন মাধ্যমত চৰ্চিত হৈ আহিছে। ৰাহুল গান্ধীয়ে চলিত বছৰত ৮বাৰ বিদেশ ভ্রমণ কৰে। ইয়াৰ বিপৰীতে মোদীয়ে বিদেশ ভ্রমণ কৰে ২৩ বাৰ। ৰাহুল গান্ধী যোৱা বছৰৰ শেষৰ পৰা চলিত বছৰৰ আৰম্ভণিলৈকে ভিয়েটনামত আছিল। ১৭ মার্চত তেওঁ পুনৰ ভিয়েটনাম ভ্রমণ কৰে। ইয়াৰ পাছত তেওঁ ১৭-২৩ এপ্রিলত ডুবাই, ১১-১৮ জুনত কাটাৰ, ২৫ জুনৰ পৰা ৬ জুলাইত লণ্ডন, ৪-৮ ছেপ্টেম্বৰত মালয়েছিয়া, ২৬ ছেপ্টেম্বৰত দক্ষিণ আমেৰিকাৰ ব্রাজিল, পেৰু, চিলি আৰু কলম্বিয়া ভ্রমণ কৰে। 

বছৰ শেষত ১৭-১৯ ডিচেম্বৰত তেওঁ জার্মানি ভ্রমণ কৰে। প্ৰধানমন্ত্ৰীৰ চৰকাৰী ৱেবছাইটৰ তথ্য মতে মোদীয়ে চলিত বছৰত ২৩বাৰ বিদেশ ভ্রমণ কৰে। তেওঁ ১১-১২ ফেব্ৰুৱাৰীত ফ্রান্সত এ আই শীর্ষ সন্মিলনত অংশগ্রহণ কৰে। ১২-১৩ ফেব্ৰুৱাৰীত তেওঁ আমেৰিকা ভ্রমণ কৰে আৰু ৰাষ্ট্ৰপতি ট্রাম্পে তেওঁক হোৱাইট হাউছত আদৰণি জনায়। ১১-১২ মাৰ্চত মৰিছাছ ভ্রমণ কৰে আৰু দেশখনৰ ৰাষ্ট্ৰীয় দিৱসত মুখ্য অতিথিৰূপে অংশগ্রহণ কৰে। বিমষ্টেক শীর্ষ সন্মিলনত অংশগ্রহণ কৰাৰ কাৰণে ৩-৪ এপ্রিলত থাইলেণ্ড ভ্রমণ, ৪-৬ এপ্রিলত শ্রীলংকা ভ্রমণ কৰে। 

২২ এপ্রিলত ছৌডি আৰব ভ্রমণলৈ যায়, কিন্তু পহলগামৰ সন্ত্রাসবাদীৰ আক্ৰমণৰ বাবে ভ্রমণ আধাতে সামৰি দেশলৈ উভতি আহে। প্রধানমন্ত্রীয়ে ১৫-১৬ জুনত ছাইপ্রাছ, ১৬-১৭ জুনত কানাডা, ১৮ জুনত ক্র'ৱেছিয়া ভ্রমণ কৰে। আনহাতে ২-৩ জুলাইত ঘানা, ৩-৪ জুলাইত ত্রিনিদাদ আৰু টবেগো, ৪-৫ জুলাইত আর্জেন্টিনা ভ্রমণ কৰে। ৫-৮ জুলাইত ব্রাজিলত ব্রিকছ শীর্ষ সন্মিলনত অংশগ্রহণ কৰে। ৯ জুলাইত নামিবিয়া, ২৩-২৪ জুলাইত ব্রিটেইন, ২৫-২৬ জুলাইত মালদ্বীপ, ২৯-৩০ আগষ্টত জাপান ভ্রমণ কৰে। ৩১ আগষ্ট-১ ছেপ্টেম্বৰত চীন ভ্রমণ কৰে। ইয়াৰ পাছত ১১-১২ নৱেম্বৰত ভূটান, ২১-২৩ নৱেম্বৰত দক্ষিণ আফ্রিকা, ১৫-১৬ ডিচেম্বৰত জর্ডান, ১৬-১৭ ডিচেম্বৰত ইথিওপিয়া আৰু ১৭-১৮ ডিচেম্বৰত ওমান ভ্রমণ কৰে প্ৰধানমন্ত্ৰীয়ে।

Share This