'ফুটবলৰ ৰাজপুত্ৰ'ৰ কলকাতা ভ্ৰমণঃ শ্বাহৰুখৰ সৈতে ফটো, মেছিয়ে উন্মোচন কৰিলে নিজৰ প্ৰতিমূৰ্তি

dainik janambhumi December 14, 2025

ডিজিটেল ডেস্ক: আর্জেন্টিনাৰ বিশ্ব কাপ বিজয়ী দলৰ অধিনায়ক লায়নেল মেছিয়ে কালি কলকাতাত কৰা ভ্ৰমণৰ সময়ত তেওঁৰ নিজৰ এটা ৭০ ফুট উচ্চতাৰ প্রতিমূর্তি উন্মোচন কৰে। তেওঁ কলকাতাৰ ভি আই পি ৰ'ডত স্থাপন কৰা ৭০ ফুট উচ্চতাৰ মূৰ্তিটো ছল্ট লেক ষ্টেডিয়ামৰ পৰা ভার্চুৱেলি উন্মোচন কৰে। সেই সময়ত ষ্টেডিয়ামত উপস্থিত থকা হাজাৰ হাজাৰ ফুটবলপ্ৰেমীয়ে মেছি মেছি বুলি ছিঞৰিবলৈ ধৰে। 

প্রতিমূর্তি উন্মোচন কৰাৰ পাছতে মেছিয়ে বলিউডৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খানৰ সৈতে মিলিত হয়। মেছিয়ে শ্বাহৰুখ খানৰ সৈতে কৰমৰ্দন কৰে আৰু কিং খানেও তেওঁক অন্তৰেৰে আদৰণী জনায়। সেই সময়ত জন আব্রাহামে মেছিৰ পৰা অট'গ্রাফ লয়। শ্বাহৰুখে মেছিৰ লগত অহা তাৰকা ফুটবলাৰ লুই ছোৱাৰেজ আৰু ৰড্রিগ' ডি পালকো লগ ধৰে। তাৰ পাছত আব্রাহামে সকলোৰে সৈতে ফটো তোলে। সেই সময়ত শ্বাহৰুখ মেছিৰ কাষত থিয় হৈ আছিল আৰু তেওঁৰ পুত্ৰই তাৰকা ফুটবলৰ ৰাজপুত্ৰজনৰ সৈতে কথা পাতি আছিল। প্রতিমূর্তিটোত মেছিয়ে বিশ্ব কাপ হাতত লৈ থকা দেখা পোৱা গৈছে। 

উল্লেখযোগ্য যে মেছিৰ নেতৃত্বত আর্জেন্টিনাই ২০২২ চনত ফিফা বিশ্ব কাপ জয় কৰিছিল। আনহাতে, মেছিয়ে ২০১১ চনৰ পাছত দ্বিতীয়বাৰৰ বাবে ভাৰত ভ্ৰমণ কৰে। সেইবাৰ তেওঁ ছল্ট লেক ষ্টেডিয়ামত আর্জেন্টিনাই ভেনিজুৱেলাৰ সৈতে এখন প্রীতি মেচ খেলিছিল। মেচখনত মেছিয়েও খেলিছিল। এই মেচখনত আর্জেন্টিনা ১-০ গ'লত জয়ী হৈছিল। ১৪ বছৰৰ পাছত কলকাতালৈ অহা মেছিক মহানগৰখনৰ ফুটবলপ্ৰেমীসকলে যথেষ্ট উৎসাহেৰে আদৰণী জনায়। অৱশ্যে কালি ষ্টেডিয়ামত উপস্থিত থকা হাজাৰ হাজাৰ ফুটবলপ্ৰেমীয়ে মেছিৰ দৰ্শন নোপোৱাত ক্ষুব্ধ হৈ পৰে আৰু ষ্টেডিয়ামত তাণ্ডৱৰ সৃষ্টি কৰে। উল্লেখযোগ্য যে তেওঁ 'জি অ' এ টি ইণ্ডিয়া ট্যুৰ-২০২৫ৰ অধীনত ভাৰত ভ্ৰমণলৈ আহিছে আৰু ই সম্পূর্ণৰূপে প্ৰচাৰ আৰু বাণিজ্যিক কাৰ্যসূচী।

Share This