ডিজিটেল ডেস্ক: ভাৰতৰ অন্যতম বিশিষ্ট পৰিৱেশবিদ তথা পৰিৱেশৰ সংৰক্ষণৰ হকে নেৰা-নেপেৰাকৈ লাগি থকা ড° মাধৱ গাডগিলৰ বুধবাৰে মৃত্যু হয়। 'জনতাৰ বিজ্ঞানী' বুলি বহুলভাৱে জনাজাত গাডগিলে ১৯৭৩ চনৰ পৰা ২০০৪ চনলৈ বেংগালুৰুৰ ইণ্ডিয়ান ইনষ্টিটিউট অব্ ছায়েন্সৰ অধ্যাপক ৰূপে সেৱা আগবঢ়াইছিল। তাতে তেওঁ স্থাপন কৰা প্ৰখ্যাত চেন্টাৰ ফৰ ইক'লজিকেল ছায়েন্সেজে গঢ় দিছিল কেইবাটও প্ৰজন্মৰ পৰিৱেশ বিজ্ঞানীক। তেওঁ ষ্টেনফর্ড বিশ্ববিদ্যালয় আৰু কেলিফ'ৰ্নিয়া বিশ্ববিদ্যালয়ৰ ভিজিটিং প্ৰফেছৰ আছিল তথা পৰিস্থিতি বিজ্ঞান আৰু সংৰক্ষণ জীৱবিজ্ঞানত আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিল।
২০১০ চনত কেন্দ্ৰীয় চৰকাৰে গাডগিলক 'বেষ্টার্ন ঘাট ইক'লজি এক্সপার্ট পেনেল'ৰ অধ্যক্ষ ৰূপে নিয়োগ কৰিছিল। পৰিৱেশ বিজ্ঞানৰ প্ৰতি অৱদানৰ বাবে তেওঁক পদ্মশ্রী আৰু পদ্মভূষণৰ দৰে দেশৰ সৰ্বোচ্চ সন্মানেৰে সন্মানিত কৰা হৈছিল। ২০২৪ চনত ৰাষ্ট্ৰসংঘই তেওঁক প্ৰদান কৰিছিল সন্মানীয় 'চেম্পিয়ন অব্ দি আর্থ' বঁটা। গাডগিলে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ বিজ্ঞান আৰু প্রযুক্তি উপদেষ্টা (১৯৮৬-১৯৯০) আৰু বিশ্ব পাৰিপাৰ্শ্বিক উপদেষ্টা সমিতিৰ (১৯৯৮-২০০২) সদস্যৰূপেও সেৱা আগবঢ়াইছিল।
ইয়াৰ উপৰি তেওঁ শান্তি স্বৰূপ ভাটনগৰ বঁটা, বিক্রম সাৰাভাই বঁটা, ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ বঁটা, হার্ভার্ড ইউনিভাৰ্ছিটি চেণ্টিনেৰি মেডেল আদি লাভ কৰিছিল। তেওঁৰ মৃত্যুত ভাৰত আৰু বিশ্বৰ বিভিন্ন স্থানৰ তেওঁৰ সহকৰ্মী আৰু ছাত্র-ছাত্রীয়ে তেওঁলৈ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁলোকে গাডগিলক কেৱল এজন বিশিষ্ট বিজ্ঞানী বুলিয়ে নহয়, সমাজৰ সবলীকৰণৰ সৈতে প্রকৃতি ৰক্ষাও একেলগে চলাৰ হকে মাত মতা এটা কণ্ঠৰূপেও স্মৰণ কৰে।