বাঁহীবাদক প্ৰভাত শৰ্মা 

Dainik janambhumi March 02, 2025

ডিজিটেল ডেস্ক: আজি ২ মাৰ্চৰ দিনটো বিশিষ্ট বাঁহীবাদক তথা লোক সংগীতৰ গায়ক প্রভাত শৰ্মাৰ চতুৰ্থ বার্ষিক মৃত্যু দিন। কাৰণ ২০২১ চনৰ ২ মাৰ্চত তেওঁ ইহসংসাৰ ত্যাগ কৰিছিল। ১৯৩৫ চনৰ ৭ জুলাইত বৰপেটাৰ সুন্দৰীদিয়া সত্ৰৰ গিৰীশ চন্দ্ৰ দেৱশৰ্মাৰ পুত্ৰ হিচাপে জন্ম গ্ৰহণ কৰা প্ৰভাত শৰ্মাৰ বাল্যকালৰে পৰাই‌ লোক সংগীতৰ প্ৰতি ৰাপ আছিল। কালক্ৰমত বিশিষ্ট বাঁহীবাদক আব্দুল ৰহমানৰ ওচৰত বাঁহী বজোৱা শিকি সময়ৰ অগ্ৰগতিৰ লগে লগে বাঁহী বজোৱাত ওষ্টাদ হৈ তেওঁ আন ব্যক্তিকো বাঁহী বজোৱা শিকাবলৈ লয়।অৱশ্যে কেৱল বাঁহী বজোৱাতে আবদ্ধ নাথাকি তেওঁ বৰগীতৰ উপৰি বিভিন্ন ধৰণৰ লোকগীতো গাইছিল।

 উল্লেখযোগ্য যে ষ্টাফ আর্টিষ্ট হিচাপে এক সুদীর্ঘ সময় যথাক্রমে অসম চৰকাৰৰ জনসংযোগ বিভাগ আৰু আকাশবাণী গুৱাহাটী কেন্দ্রত সেৱা আগবঢ়োৱা প্ৰভাত শর্মাই 'সন্তান', 'ব্লেকমানি', 'সাৰথি', 'অনল' আদি কেইবাখনো চলচ্চিত্ৰৰ উপৰি পূৰ্বজ্যোতি, মেঘালী, মুকুন্দ আদি কেইবাখনো ভ্রাম্যমাণ নাট্যদলৰ নাটকৰ সংগীত পৰিচালনা কৰিছিল। 

আনহাতে ১৯৯৯ চনত 'দেৱগান্ধাৰ' নামৰ অনুষ্ঠান এটা গঠন কৰি তাৰ জৰিয়তে অসমৰ থলুৱা বাদ্যযন্ত্ৰৰ বহুল প্ৰচাৰত উৎসাহ যোগোৱা প্ৰভাত শৰ্মাই জীৱিত অৱস্থাতে সংগীত নাটক অকাদেমি বঁটাকে আদি কৰি কেইবাটাও সন্মানীয় বঁটা লাভ কৰিছিল। তেওঁৰ দৰে অহংকাৰশূন্য ব্যক্তি এগৰাকীৰ বহুমুখী প্রতিভাৰ সঠিক মূল্যায়নসহ বহুল প্ৰচাৰৰ বাবে তেওঁৰ গুণগ্রাহী ব্যক্তিসকলে যথোচিত পদক্ষেপ গ্ৰহণ কৰে যাতে শেষত সেয়াই আশা কৰা কৰিছোঁ।

Share This