প্রখ্যাত ৰাজনীতিবিদ শাৰদ পাৱাৰ অসুস্থ, হস্পিটেলত ভর্তি

dainik janambhumi February 10, 2026

ডিজিটেল ডেস্ক: দেশৰ বর্ষীয়ান ৰাজনীতিবিদ তথা ৰাষ্ট্ৰীয়তাবাদী কংগ্রেছ পার্টি (এন চিপি)ৰ শাৰদ পাৱাৰ গোটৰ মুৰব্বী শাৰদ পাৱাৰ সোমবাৰে অসুস্থ হৈ পৰাত পুনেৰ এখন ব্যক্তিগত হস্পিটেলত ভর্তি কৰোৱা হয়। 

কাহ আৰু শ্বাস-প্রশ্বাসত অসুবিধা পোৱাত তেওঁক ততালিকে বাৰামতিৰ নিজ গৃহৰ পৰা পুনেলৈ লৈ যোৱা হয়। চিকিৎসকে পৰীক্ষা-নিৰীক্ষাৰ অন্তত ৮৫ বছৰীয়া পাৱাৰৰ বুকুত সংক্ৰমণ হোৱা বুলি প্রকাশ কৰে। 
পাৱাৰৰ শৰীৰৰ বিভিন্ন পৰীক্ষাৰ অন্তত তেওঁক ভর্তি কৰোৱা হয়। জ্যেষ্ঠ চিকিৎসকৰ এটা দল তেওঁৰ চিকিৎসাত জড়িত হৈ আছে। 

উল্লেখযোগ্য যে যোৱা ২৮ জানুৱাৰীত এটা বিমান দুর্ঘটনাত শাৰদ পাৱাৰে তেওঁৰ ভতিজা তথা মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্রী অজিত পাৱাৰক হেৰুৱাইছিল।

Share This