ডিজিটেল ডেস্ক : 'প্রয়াত প্ৰণৱ বৰুৱা আচলতে এগৰাকী শিল্পীয়েই নহয়, প্ৰেৰণাৰ উৎস। মই তেখেতৰ পৰাই এগৰাকী শিল্পী হ'বলৈ প্ৰেৰণা পাইছিলোঁ। মই ১৯৯৬ চনত শ্বিলঙত অনুষ্ঠিত এখন কর্মশালাত লগ পাইছিলোঁ আৰু তাতে তেখেতৰ চিত্ৰসমূহ চাই বহুত প্ৰেৰণা লাভ কৰিছিলোঁ। আজি সেইগৰাকী শিল্পীৰ নামত বঁটা লাভ কৰি অতিকৈ আনন্দ অনুভৱ কৰিছোঁ।'- এই মন্তব্য মেঘালয়ৰ প্ৰখ্যাত শিল্পী ৰাফেল ৱাৰৰজৰীৰ।
নগাঁৱৰ প্ৰণৱ বৰুৱা কলাক্ষেত্ৰত আজি অনুষ্ঠিত এটা গাম্ভীর্যপূর্ণ অনুষ্ঠানত প্ৰণৱ বৰুৱা শিল্পী বঁটা গ্ৰহণ কৰি মেঘালয়ৰ বাসিন্দা তথা আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন শিল্পী ৰাফেল ৱাৰজৰীয়ে আৰু কয় যে এই বঁটাই মেঘালয়ৰ লগতে অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ মাজত ভাতৃত্ববোধ সৃষ্টি কৰাৰ উপৰি দুয়োখন ৰাজ্যৰ মাজত এক সু-সম্পর্ক গঢ়ি উঠাত সহায়ক হ'ব। প্ৰণৱ বৰুৱাৰ নাতি অনন্যা ভূঞাই আঁত ধৰা অনুষ্ঠানটোৰ আৰম্ভণিতে আদৰণী ভাষণ আগবঢ়াই প্ৰণৱ বৰুৱাৰ সুযোগ্য কন্যা সুলক্ষণা বৰুৱা ভূঞাই। ইয়াৰ পাছত বিশিষ্ট অতিথি হিচাপে অংশগ্রহণ কৰি বিশিষ্ট কবি ডাঃ প্রয়াগ শইকীয়াই কয় যে প্ৰণৱ বৰুৱা প্ৰতিখন ছবিয়েই মূল্যৱান। ছবিয়ে যিহেতু কথা কয়। সেয়ে তেওঁৰ প্ৰতিখন ছবিয়েই তেওঁৰ সৃষ্টিৰ সকলো কথা বুজাই গৈছে। চমু ভাষণৰ পাছত ডাঃ শইকীয়াই প্রয়াত প্ৰণৱ বৰুৱাৰ স্মৃতি ৰোমন্থন কৰি এটা কবিতা পাঠ কৰে। অনুষ্ঠানত আন এগৰাকী চিত্রশিল্পী গকুল চেত্ৰীয়ে কয় যে প্ৰণৱ বৰুৱাই অকল নগাঁও তথা অসমৰ কাৰণেই নহয় সমগ্ৰ ভাৰত আৰু বিশ্ববাসীৰ কাৰণে ছবিৰ সৃষ্টি কৰি গৈছে। উদ্যোক্তা অনুষ্ঠানৰ এগৰাকী সদস্য ড° সুজয় হাজৰিকাই প্রয়াত শিল্পী প্ৰণৱ বৰুৱাৰ জীৱন-দৰ্শনৰ সন্দৰ্ভত এটা দীঘলীয়া ব্যাখ্যা দাঙি ধৰে।
ইপিনে প্ৰণৱ বৰুৱা বঁটা প্ৰদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি নগাঁও-বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই কয় যে প্রয়াত চিত্রশিল্পী প্ৰণৱ বৰুৱাই নিজৰ শিল্প প্রতিভাৰে নগাঁৱক গৌৰৱান্বিত কৰি গৈছে। শিল্পী প্ৰণৱ বৰুৱাই চিত্ৰ আৰু ভাস্কর্য শিল্পৰ ক্ষেত্ৰত আমাক যিখিনি দি থৈ গৈছে, সেইখিনিক আমি চিৰযুগমীয়া কৰি ৰাখিব লাগিব। আনহাতে, শিল্পী প্ৰণৱ বৰুৱাৰ নামত বঁটা প্ৰদান কৰিবলৈ পাই গৌৰৱ অনুভৱ কৰা বুলি উল্লেখ কৰি বিধায়ক শর্মাই শিল্পীগৰাকীৰ নামত বঁটা প্ৰদান কৰা কাৰ্যক ভূয়সী প্রশংসা কৰে। উল্লেখযোগ্য যে প্ৰণৱ বৰুৱা শিল্পী বঁটাৰ লগতে শিল্পী ৰাফেল ৱাৰজৰীলৈ এখন মান-পত্র, এখন স্মাৰক আৰু নগদ ২৫ হাজাৰ টকা আগবঢ়োৱা হয়।