ডিজিটেল ডেস্ক: বিজেপিত যোগদান কৰা আম আদমি পার্টিৰ (আপ) ৭জন সাংসদক অযোগ্য ঘোষণা কৰাৰ বাবে আপে ৰাজ্য সভাৰ অধ্যক্ষলৈ পত্ৰ প্ৰেৰণ কৰিব। আপৰ নেতা সঞ্জয় সিঙে শনিবাৰে এই কথা প্রকাশ কৰে।
তেওঁ কয় যে দলত্যাগ বিৰোধী আইনত স্পষ্টভাৱে উল্লেখ আছে যে ৰাজ্য সভা আৰু লোক সভাত কোনো বিভাজন বা গোট গঠন কৰিব নোৱাৰে। দুই তৃতীয়াংশ সংখ্যাগৰিষ্ঠতা থাকিলেও ইয়াৰ কোনো আইনী ন্যায্যতা নাই। সাতোজন সাংসদৰ বিজেপিত যোগদান কৰা কাৰ্য সম্পূৰ্ণ অসাংবিধানিক আৰু অনৈতিক বুলিও সিঙে কয়।
ইফালে, ৰাঘৱ চাদ্ধাকে ধৰি আপৰ সাতজন সাংসদে বিজেপিত যোগদান কৰাৰ বিষয়টোত ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মৰ হস্তক্ষেপ বিচাৰিছে আপৰ শীর্ষ নেতা তথা পঞ্জাবৰ মুখ্যমন্ত্রী ভগৱন্ত মানে। তেওঁ ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰাৰ বাবে অনুমতি বিচাৰিছে।
উল্লেখযোগ্য যে বিজেপিত যোগদান কৰা আপৰ ৭জন সাংসদৰ ছজনেই আছিল পঞ্জাবৰ। উল্লেখযোগ্য যে সাধাৰণ জনতাৰ কিছুমান গুৰুত্বপূৰ্ণ বিষয় ৰাজ্য সভাত বলিষ্ঠ ৰূপত উত্থাপনেৰে দেশৰ নৱপ্ৰজন্মৰ নয়নৰ মণিত পৰিণত হৈছিল ৰাঘৱ চাদ্ধা। সামাজিক মাধ্যমত তেওঁৰ অনুগামী (ফ'লৱাৰ্ছ)ৰ সংখ্যা কেইবা নিযুত আছিল।
ইনষ্টাগ্ৰামত তেওঁৰ ফল'ৱাৰ্ছ বিজেপিত যোগদান কৰাৰ পাছতে ১৪.৬ নিযুতৰ পৰা ১৩.৩ নিযুতলৈ হ্রাস পালে। অর্থাৎ এদিনৰ ভিতৰতে প্ৰায় ১৪ লাখ অনুগামী কমিল চাদ্ধাৰ।