ইটালিৰ প্ৰধানমন্ত্ৰীক ট্রফী দিয়াক লৈ মোদীৰ বিৰুদ্ধে সৰৱ ৰাহুল গান্ধী

dainik janambhumi May 21, 2026

ডিজিটেল ডেস্ক : কংগ্ৰেছৰ নেতা তথা লোক সভাত বিৰোধী দলপতি ৰাহুল গান্ধীয়ে তেওঁৰ সংসদীয় সমষ্টি ৰায়বেৰেলিত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহ মন্ত্রী অমিত শ্বাহক লৈ দিয়া মন্তব্যই দেশৰ ৰাজনীতি উত্তাল কৰি তোলে। গান্ধীয়ে ৰায়বেৰেলিত এখন ৰাজহুৱা সভাত দিয়া ভাষণক কংগ্রেছ কর্মীসকলক উদ্দেশ্যি কয়, 'যেতিয়া আৰ এছ এছ-বিজেপিৰ লোক আপোনালোকৰ ওচৰলৈ আহিব আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তথা গৃহ মন্ত্রী অমিত শ্বাহৰ কথা ক'ব তেতিয়া তেওঁলোকক মুকলিকৈ ক'ব-আপোনালোকৰ প্রধানমন্ত্রী, গৃহ মন্ত্ৰী আৰু সংগঠন (বিজেপি) বিশ্বাসঘাতক। আপোনালোকে দেশক বিক্রী কৰাৰ কাম কৰিলে। আপোনালোকে সংবিধানত আক্ৰমণ কৰাৰ কাম কৰিলে। আপোনালোকে আম্বেদকাৰক আক্ৰমণ কৰিলে, আপোনালোকে গান্ধীজীক আক্ৰমণ কৰিলে, এই কথা আপোনালোকে মুকলিকৈ ক'ব।' 

গান্ধীৰ এই মন্তব্যত বিজেপিয়ে তীব্র প্রতিক্রিয়া প্রকাশ কৰে আৰু ইয়াৰ বাবে তেওঁৰ পৰা ক্ষমা দাবী কৰে। ৰাহুল গান্ধীৰ মন্তব্যক বিজেপিৰ সভাপতি নীতিন নবীনে অতি দুর্ভাগ্যজনক আৰু অৰাজকতাবাদী মানসিকতাৰ প্ৰতীক বুলি অভিহিত কৰে। নীতিন নবীনে গান্ধীৰ এই মন্তব্যক ভাৰতীয় ৰাজনীতিৰ পবিত্ৰতা আৰু পৰস্পৰৰ প্ৰতি থকা সন্মানৰ পৰিপন্থী বুলি উল্লেখ কৰি কয় যে ধাৰাবাহিকভাৱে সন্মুখীন হোৱা পৰাজয়ৰ হতাশা এতিয়া ৰাহুলৰ স্বভাৱ আৰু চৰিত্ৰত স্পষ্টভাৱে দেখা পোৱা গৈছে। নীতিন নবীনে ৰাহুল গান্ধীক ভাৰতীয় ৰাজনীতিৰ 'ৰাহু' বুলি অভিহিত কৰে আৰু কয় যে তেওঁ দেশৰ ৰাজনৈতিক পৰিৱেশ লেতেৰা কৰিছে। কংগ্ৰেছৰ ইতিহাসক লৈ প্ৰশ্নৰ উত্থাপন কৰি বিজেপিৰ সভাপতিজনে কয় যে ৰাহুল গান্ধীৰ পূৰ্বজসকলে সদায় দেশৰ ভূমি বন্ধকত ৰাখিছিল আৰু সৈনিকসকলৰ মনোবল বৃদ্ধিৰ বাবে কোনো কাম কৰা নাছিল। কংগ্ৰেছৰ শাসনকালত সমগ্ৰ চৰকাৰখন দুর্নীতিত পোত গৈ আছিল বুলি উল্লেখ কৰি তেওঁ কয় যে মোদী চৰকাৰে দুৰ্নীতিক অকণো সহ্য নকৰাৰ নীতি গ্ৰহণ কৰিছে। এতিয়া প্ৰধানমন্ত্ৰীৰ নেতৃত্বত সন্ত্রাসবাদ সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰা হৈছে আৰু সেনা স্বাভিমানৰ সৈতে কাম কৰি আছে। 

তেওঁ গান্ধীক এইবুলি প্রশ্ন কৰে, 'মাওবাদ নিঃশেষ কৰাটো বিশ্বাসঘাতকতা নেকি? দেশৰ ভূমি সুৰক্ষিত ৰখাটো বিশ্বাসঘাতকতা নেকি? দেশৰ ত্ৰিৰংগৰ সন্মান বিশ্বত বৃদ্ধি কৰাটো বিশ্বাসঘাতকতা নেকি?' ইফালে ইটালিত প্রধানমন্ত্রী মোদীয়ে দেশখনৰ প্রধানমন্ত্রী জর্জিয়া মেলনিক মেলডী ট্রফী দিয়াক লৈ গান্ধী সমালোচনামুখৰ হৈ পৰে। তেওঁ কয়, 'অৰ্থনৈতিক ধুমুহা মূৰৰ ওপৰত আৰু আমাৰ প্রধানমন্ত্রীয়ে ইটালিত ট্রফী বিলাই আছে। কৃষক, যুৱক, মহিলা, শ্রমিক আৰু ক্ষুদ্ৰ ব্যৱসায়ীয়ে কান্দি আছে। প্রধানমন্ত্রীয়ে হাঁহি হাঁহি ৰিল নিৰ্মাণ কৰি আছে আৰু বিজেপিৰ লোকসকলে হাত চাপৰি বজাই আছে। ই নেতৃত্ব নহয়, নাটক।'

Share This