১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা, সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল

dainik janambhumi September 14, 2026

ডিজিটেল ডেস্ক: এছিয়ান গেমছ আৰু ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া শৃংখলা একে সময়তে আৰম্ভ হ'ব। ইয়াৰ ফলত ভাৰতে এছিয়াড আৰু কেৰিবিয়ান বাহিনীৰ বিৰুদ্ধে খেললৈ সুকীয়া দল ঘোষণা কৰিব লাগিব। ফলত দুয়োটা দলৰ সহঃঅধিনায়কো পৰিৱৰ্তন কৰিব লাগিব। এছিয়ান গেমছত প্রথম শাৰীৰ ক্রিকেটাৰ ব্যস্ত থকাৰ পৰিপ্ৰেক্ষিতত বগা বলৰ ক্রিকেটলৈ ঋষভ পন্ট উভতি অহাৰ বাবে পথ প্রশস্ত হ'ব। ইয়াৰ মাজতে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে শৃংখলাৰ পূৰ্বে ক্রিকেটাৰসকলৰ আঘাত সমস্যাই চিন্তিত কৰিছে নির্বাচকক। 

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে শৃংখলাত ভাৰতীয় দলক নেতৃত্ব দিব শুভমন গীলে। শ্রেয়াস আয়াৰ এছিয়ান গেমছৰ দলত থকাৰ বাবে লোকেশ ৰাহুলক এদিনীয়া দলৰ সহঃ অধিনায়কৰ দায়িত্ব অর্পণ কৰা হ'ব পাৰে। ঈশান কিষাণ এছিয়ান গেমছত ব্যস্ত থকাৰ বাবে উইকেটকীপাৰ কোন হ'ব তাকে লৈ চিন্তাত পৰিছে নির্বাচক সকল। উইকেটকীপাৰৰ বাবে যুঁজ হ'ব পণ্ট আৰু ধ্ৰুৱ জুৰেলৰ মাজত। এই ক্ষেত্রত প্রশিক্ষক গৌতম গম্ভীৰ আৰু অধিনায়ক গীলে চূড়ান্ত সিদ্ধান্ত ল'ব। পণ্টে ৱেষ্ট নাপালে তেওঁক ইৰানী ইণ্ডিজৰ বিৰুদ্ধে সুযোগ কাপলৈ নিয়া হ'ব। পন্টে স্থান পালে জুৰেলে ইৰানী কাপত খেলিব। ১৬ আগষ্টত ইৰানী কাপ আৰু ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ভাৰতীয় দলটো ঘোষণা কৰা হ'ব। 

ইফালে, হার্দিক পাণ্ডিয়া ফিট হৈ নঠিলে বেগী বলাৰ অলৰাউণ্ডাৰক লৈ ভাৰত সমস্যাৰ সন্মুখীন হ'ব। হার্দিকক ভাৰত 'এ' দলত অন্তর্ভুক্ত কৰা হৈছে। ২০ ছেপ্টেম্বৰৰ আগেয়ে হার্দিক ফিট হৈ উঠাৰ সম্ভাৱনা আছে বুলি জানিব পৰা গৈছে। ইয়াৰ ফলত এদিনীয়া দলত পেচাৰ হিচাপে স্থান পোৱাৰ সম্ভাৱনা আছে মহম্মদ ছিৰাজ, প্রসিদ্ধ কৃষ্ণ, গুৰনুৰ ব্ৰাৰ আৰু প্রিন্স যাদৱে। ইয়াৰ উপৰি একাধিক ক্রিকেটাৰৰ আঘাত সমস্যাই চিন্তাত ৰাখিছে নির্বাচক সমিতিক। হর্ষ ডুবে, সূৰ্যাংশ শ্বেৰগে, মহছিন খান, ভেংকটেশ আয়াৰ, হৰ্ষিত ৰানা আৰু শ্বাহবাজ আহমেদে ছিনিয়ৰ দল, 'এ' দল বা ইৰানী কাপত খেলিব নোৱাৰিব। কেউ গৰাকী ক্রিকেটাৰ সম্প্ৰতি পনঃসংস্থাপনত ব্যস্ত আছে।

Share This