ডিজিটেল ডেস্ক: বেটিং চাঞ্চল্য বৈভৱ সূৰ্যবংশীৰ ৩৮ বলত ৯৩ ৰানৰ সহায়ত আই পি এলৰ কালিৰ খেলত লক্ষ্ণৌ ছুপাৰ জায়েন্টছক সহজেই ৭উ'ইকেটত পৰাজিত কৰে ৰাজস্থান ৰয়েলছে। বৈভৱৰ ৩৮ বলত ৭টা ৪ আৰু ১০টা ৬ সম্বলিত ৯০ ঊর্ধ্বৰ বৰঙনিৰে ৫টা বল বাকী থকা অৱস্থাত ৩টা উইকেট হেৰুৱাই ২২৫ ৰান কৰি জয়লাভ কৰে ৰাজস্থানে। এই জয়েৰে ৰাজস্থানে চলিত আই পি এলত প্লে' অফৰ আশা সজীৱ কৰি ৰাখিছে। বৈভৱৰ উপৰি ধ্ৰুৱ জুৰেলে অপৰাজিত ৫৩ আৰু যশস্বী জয়ছোৱালে ৪৩ ৰানৰ গুৰুত্বপূৰ্ণ অৱদান আগবঢায়।
ইয়াৰ আগেয়ে মিচেল মার্শ্বৰ ৫৭টা বলত দুৰন্ত ৯৬ ৰানৰ জৰিয়তে লক্ষ্ণৌ ছুপাৰ জায়েন্টছে ৫ উইকেটত ২২০ ৰানৰ শক্তিশালী স্ক'ৰ থিয় কৰিছিল। অ'পেনাৰদ্বয় মার্শ্ব আৰু জুছ ইংলিছে (২৯ বলত ৬০) ৫০ বলত ১০৯ ৰানৰ যুটি বান্ধি দলৰ বাবে বৃহৎ স্ক'ৰৰ ভেটি গড়ে। পৰৱৰ্তী সময়ত মার্শ্বে অধিনায়ক ঋষভ পণ্টৰে (৩৫) মিলি ৪২ বলত ৬৪ ৰানৰ সংযোজন ঘটায়। ৰাজস্থান ৰয়েলছৰ লেগ-স্পীনাৰ যশৰাজ পুনজাই দুটা উইকেট দখল কৰে।