ডিজিটেল ডেস্ক: অভিষেক প'ৰেল আৰু লোকেশ ৰাহুলৰ মসৃণ অর্ধ শতৰানৰ সহায়ত ৰাজস্থান ৰয়েলছক আই পি এলৰ কালিৰ খেলত ৫ উইকেটত পৰাজিত কৰে দিল্লী কেপিটেলছে। ৰাজস্থানৰ ৮ উইকেটত ১৯৩ ৰানৰ প্ৰত্যুত্তৰত দিল্লীয়ে ১৯.২ অ'ভাৰত ৫টা উইকেট হেৰুৱাই ১৯৭ ৰান কৰি জয়লাভ কৰে। ইয়াৰ আগেয়ে মিচেল ষ্টাৰ্কৰ বিধ্বংসী বেগী বলিঙৰ জৰিয়তে ৰাজস্থান ৰয়েলছক ৮ উইকেটত ১৯৩ ৰানত সীমিত ৰাখিছিল দিল্লী কেপিটেলছে।
ষ্টার্কে (৪-৪০) পঞ্চদশ অ'ভাৰত দুৰন্ত বলিঙেৰে ৰিয়ান পৰাগ (৫১), ডনভেন ফেৰেইৰা (০) আৰু ৰবি সিঙক (৪) বিদায় দি ৰাজস্থানৰ মিডল অর্ডাৰ ভাঙি পেলায়। বাওঁহতীয়া পেচাৰ ষ্টাৰ্কে নিজৰ অ'ভাৰটোৰ দ্বিতীয়, তৃতীয় আৰু পঞ্চম বলত আঘাত হানি হেটত্রিক অৰ্জনৰ সুযোগ হেৰুৱায়।
অৱশ্যে এই বিপৰ্যয়ৰ মাজতো অধিনায়ক ৰিয়ান আৰু ধ্ৰুৱ জুৰেলৰ (৪০টা বলত ৫৩) অর্ধশতকীয় বৰঙনিৰে ৰাজস্থান ৰয়েলছে প্রত্যাহ্বানমূলক স্ক'ৰ থিয় কৰিবলৈ সক্ষম হয়। ইয়াৰ উপৰি টপ অৰ্ডাৰত ৪৬ ৰানৰ মূল্যৱান বৰঙনি যোগায় যুৱ অ'পেনাৰ বৈভৱ সূৰ্যবংশীয়ে।