ডিজিটেল ডেস্ক: অ'পেনাৰ যশস্বী জয়ছোৱালৰ বিধ্বংসী বেটিঙৰ সহায়ত আই পি এলৰ কালি বৰ্ষাবিঘ্নিত খেলখনত মুম্বাই ইণ্ডিয়ানছক ২৭ ৰানত পৰাস্ত কৰে ৰাজস্থান ৰয়েলছে। বৰষুণৰ বাবে ১১ অ'ভাৰলৈ হ্রাস কৰা খেলখনত ৰাজস্থানে পোনতে বেট ধৰি জয়ছোৱালৰ লগতে বৈভৱ সূর্যবংশীৰ (৩৯) দুৰন্ত বেটিঙেৰে ৩ উইকেটত ১৫০ ৰান কৰিছিল।
প্ৰত্যুত্তৰত মুম্বাই ইণ্ডিয়ানছে ৯টা উইকেট হেৰুৱাই ১২৩ ৰান কৰে। মুম্বাইৰ হৈ ছেৰফান ৰাডাৰফ'র্ডে ২৫ আৰু নমন ধীৰেও ২৫ ৰান কৰে। ইয়াৰ আগেয়ে, ৰাজস্থানে যশস্বী জয়ছোৱালৰ ৩২টা বলত অবিজিত ৭৭ৰানেৰে ১১ অ'ভাৰত তিনিটা উইকেট হেৰুৱাই ১৫০ ৰান কৰে।
১০টা চাৰি আৰু ৪টা ছয়েৰে নিজৰ অবিজিত ৭০ৰ ঊর্ধ্বৰ ইনিংছটো সজোৱা জয়ছোৱালে অ'পেনিঙৰ যুটিত বৈভৱ সূর্যবংশীৰে (৩৯) ৮০ ৰানৰ সংযোজন ঘটাই দলৰ বাবে দুৰন্ত আৰম্ভণি কৰে। অ'পেনিঙত নমা সূর্যবংশীয়ে ১৪টা বলত ১টা চাৰি, ৫টা ছয়েৰে ৩৯ ৰান কৰি আউট হয়। আনহাতে, ধ্রুৱ জুৰেলে ২ আৰু অধিনায়ক ৰিয়ান পৰাগে ১০টা বল খেলি ১টা চাৰি আৰু দুটা ছয়ৰ জৰিয়তে ২০ ৰানৰ অৱদান যোগায়।