ডিজিটেল ডেস্ক : ভাৰতীয় ক্রিকেট ব'ৰ্ডৰ কৰ্মকৰ্তাৰ সাল-সলনি ঘটিব। চলিত মাহতে ভাৰতীয় ব'ৰ্ডৰ সভাপতিৰ পদ এৰিব ৰ'জাৰ বিন্নীয়ে। সংবাদ মাধ্যমৰ এটা ৰিপ'ৰ্ট অনুসৰি বিন্নীৰ স্থান পূৰাব ৰাজীৱ শুক্লাই। অহা ১৯ জুলাইত ৭০ বছৰ বয়স হ'ব বিন্নীৰ। ভাৰতীয় ক্রিকেট ব'ৰ্ডৰ সংবিধান অনুসৰি ৭০ বছৰ বয়স হ'লে সভাপতিৰ পদত থাকিব নোৱাৰিব। সেই কাৰণৰ বাবেই বিন্নীয়ে সভাপতিৰ পদ এৰিব লাগিব।
সম্প্রতি বি চি চি আইৰ উপ-সভাপতিৰ দায়িত্বত আছে ছিনিয়ৰ ক্রিকেট প্রশিক্ষক ৰাজীৱ। ইয়াৰ ফলত তেৱেঁই অন্তৰ্ৱৰ্তীকালীন সভাপতি হিচাপে দায়িত্ব পালন কৰিব। ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব ভাৰতীয় ক্রিকেট ব'ৰ্ডৰ বাৰ্ষিক সাধাৰণ সভা। উক্ত সভাতেই নতুন সভাপতি নির্বাচনৰ সিদ্ধান্ত লোৱা হ'ব। সেই পর্যন্ত শুক্লাই সভাপতিৰ দায়িত্ব চলাই যাব। ছেপ্টেম্বৰতে ৬৬ বছৰ বয়স হ'ব শুক্লাৰ।
ৰিপ'ৰ্ট অনুসৰি শুক্লাকে ভাৰতীয় ক্রিকেট ব'ৰ্ডৰ পৰৱৰ্তী স্থায়ী সভাপতি নির্বাচিত কৰা হ'ব। ২০২২ চনৰ অক্টোবৰত সৌৰভ গাংগুলীয়ে ভাৰতীয় ব'ৰ্ডৰ সভাপতিৰ পদ এৰাৰ পাছত নতুন সভাপতি হয় বিন্নী।