ডিজিটেল ডেস্ক : আজি অসমীয়া নৱবৰ্ষৰ প্ৰথমটো দিন পহিলা বহাগ। পহিলা বহাগৰ দিনটো মানুহ বিহু হিচাপে ৰাজ্যবাসীয়ে পালন কৰে। ৰঙালীৰ ৰঙত ৰঙীন ৰাজ্যৰ উজনি-নামনি। বহাগ মানে সৌন্দৰ্য, বহাগ মানে মাধুৰ্য, বহাগ মানে নতুনত্ব। আৰু বহাগতে পালন কৰা হয় অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহু।ঢোল-পেঁপাৰ মাতত ৰজনজনাইছে অসমভূমি। জীয়ৰী-বোৱাৰী সকলেও হাতত জেতুকা বোলাই এপাক নাচিবলৈ সাজু হৈছে।এই বহাগতে প্ৰকৃতিয়েও লয় ন ৰূপ।
হেঁপাহৰ ৰঙালী বিহুটিক অতি উছাহৰ মাজেৰে আদৰিছে প্ৰত্যেকগৰাকী অসমীয়াই। পহিলা বহাগ বা মানুহ বিহু উপলক্ষে আজি সৰুৱে ডাঙৰক সেৱা কৰাৰ লগতে ডাঙৰে সৰুক আশীৰ্বাদ দিয়াৰ উপৰি বিহুৱান প্ৰদান কৰে । আনহাতে নতুন বছৰ উপলক্ষে আত্মীয়-স্বজন আৰু বন্ধু-বান্ধৱৰ মাজতো বিহুৱান প্ৰদান কৰা হয়। বহাগ বিহু বা ৰঙালী বিহু চ’তৰ সংক্রান্তিৰ পৰা আৰম্ভ হৈ বহাগৰ সাত দিনলৈ পালন কৰা হয়। প্ৰতি বছৰৰ দৰে এইবাৰো প্ৰতিগৰাকী অসমীয়াই অতি উলহ-মালহেৰে উদযাপন কৰিছে হেঁপাহৰ ৰঙালী বিহু।
আজিৰ পৰা আৰম্ভ হয় হুঁচৰি গোৱা পৰ্ব। ঘৰে ঘৰে গৈ হুঁচৰি মাৰিবলৈ, ঢোলৰ চাপৰত কঁকাল ঘূৰাই নাচিবলৈ সাজু হৈছে ডেকা–গাভৰুসকল।এই বিহুৰ কোনো প্ৰথা, কোনো নিয়ম হয়তো ব্যস্ত জীৱনৰ তাড়নাত বাদ পৰি গৈছে কিন্তু বিহু সদায়েই আমাৰ মনত, প্ৰাণত আৰু তেজত বৈ যাব চিৰদিনৰ বাবে । আনহাতে, ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অনুষ্ঠিত হৈছে ৰঙালীৰ ৰঙীন অনুষ্ঠান। বিহুৰ মঞ্চ কঁপাবলৈ সাজু হৈছে শিল্পীসকলো।