ডিজিটেল ডেস্ক: গণতন্ত্ৰৰ মন্দিৰ অসম বিধানসভাৰ নতুন অধ্যক্ষ হিচাপে কালি নির্বাচিত হয় বিজেপিৰ সৰভোগ-ভৱানীপুৰ বিধানসভা সমষ্টিৰ বিধায়ক ৰণজিৎ কুমাৰ দাস। অসম বিধানসভাৰ অধ্যক্ষৰ আসনত দ্বিতীয়বাৰৰ বাবে অধিষ্ঠিত হোৱা দাসেই হৈছে প্রথমগৰাকী ব্যক্তি।
দক্ষ প্রশাসক, সাংবাদিক আৰু জননেতা হিচাপে সেৱা আগবঢ়োৱা দাসে নিজৰ অধ্যৱসায়, আদৰ্শ আৰু কৰ্মনিষ্ঠাৰ বলতেই কালিৰ এই সন্মানীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে। শৈশৱৰ পৰাই ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ আদৰ্শৰে অনুপ্রাণিত হৈ পৰৱৰ্তী সময়ত বিজেপিত যোগদান কৰা দাসৰ জীৱন পৰিক্ৰমাও হৈছে বৰ্ণাঢ্য।
এটা সাধাৰণ পৰিয়ালত জন্মগ্রহণ কৰা দাসে ২০১৬ চনৰ পৰা ২০২১ চনলৈ একেৰাহে দুটা কার্যকাল বিজেপি অসম প্ৰদেশৰ ৰাজ্যিক সভাপতি হিচাপে কার্যনির্বাহ কৰিছে। ১৯৯২ চনত বিজেপিৰ সদস্য হোৱাৰ লগতে ২০১১ চনত বৰপেটা জিলাৰ সৰভোগ সমষ্টিৰ পৰা প্ৰথমবাৰৰ বাবে বিধানসভাৰ সদস্য হিচাপে নির্বাচিত হয়। সেই তেতিয়াৰে পৰাই তেওঁ বিধানসভালৈ জয়ী হৈ আহিছে।
উল্লেখযোগ্য যে ১৯৬৫ চনৰ ১ ডিচেম্বৰত বৰপেটাৰ দলাহাটীত জন্ম হোৱা দাসে এক সত্রীয়া সাংস্কৃতিক পৰিৱেশৰ মাজত শৈশৱ কাল অতিবাহিত কৰিছিল। বৰপেটাৰোডৰ ছেণ্ট মোছড হাইস্কুলত শিক্ষা গ্রহণ কৰাৰ পাছত তেওঁ গুৱাহাটীৰ আৰ্য বিদ্যাপীঠ মহাবিদ্যালয় আৰু বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালযত অধ্যয়ন কৰি স্নাতক ডিগ্রী লাভ কৰে। ১৯৯০ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা উদ্ভিদ বিজ্ঞান বিষয়ত স্নাতকোত্তৰ ডিগ্রী লাভ কৰাৰ পাছত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়তে সাংবাদিকতাৰ স্নাতকোত্তৰ ডিপ্লমা লয়। ইয়াৰ পাছত ১৯৯২ চনত সাংবাদিকতাৰে কৰ্মজীৱন আৰম্ভ কৰা দাসে আছাম ট্রিবিউন, নৰ্থ ইষ্ট টাইম, আজিৰ অসম আদি কাকতত সাংবাদিকতা কৰাৰ লগতে বৰপেটাৰোডৰ পৰা প্ৰকাশিত প্রথম সাপ্তাহিক কাকত 'সাম্প্রতিক'ৰ মুখ্য সম্পাদক আৰু মুখ্য সচিব হিচাপে কাম কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ বাউসী বাণীকান্ত কাকতি মহাবিদ্যালয় আৰু মাধৱ চৌধুৰী মহাবিদ্যালয়ত প্রবক্তা হিচাপে কাম কৰে। অৱশ্যে ১৯৯৪ চনত কেন্দ্রীয় লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হৈ ভাৰতীয় তথ্য সেৱাৰ চাকৰিত তেওঁ যোগদান কৰি নতুন দিল্লী, ধুবুৰী আৰু বৰপেটাত তথ্য সেৱাৰ বিষয়া হিচাপে সফলভাৱে কাৰ্যনিৰ্বাহ কৰি ২০০৫ চনত স্বেচ্ছাই অৱসৰ গ্ৰহণ কৰে।
উল্লেখযোগ্য যে ছাত্ৰ অৱস্থাৰ পৰাই ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৈতে জড়িত দাসে অসম আন্দোলনতো সক্রিয় ভূমিকা লৈছিল। স্কুলীয়া আৰু কলেজীয়া জীৱনত ছাত্র একতা সভাৰ বিষয়ববীয়া হৈ থকা দাসে ১৯৯২ চনত বিজেপিৰ সদস্য হিচাপে যোগদান কৰি দলৰ বিভিন্ন পদত সফলতাৰে কাৰ্যনিৰ্বাহ কৰাৰ পাছত ২০১১ চনত সৰভোগ বিধানসভা সমষ্টিৰ পৰা প্ৰথমবাৰৰ বাবে বিধায়ক হিচাপে জয়ী হয়। সেইবাৰ তেওঁ বিজেপি বিধায়িনী দলৰ উপ-নেতা হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে।
২০১৬ চনত দ্বিতীয়বাৰৰ বাবে সৰভোগ সমষ্টিৰ পৰা নিৰ্বাচিত হৈ তেওঁ বিধানসভাৰ অধ্যক্ষ হিচাপে ২০১৬ চনৰ জুন মাহৰ পৰা ২০১৬ চনৰ ২৫ ডিচেম্বৰলৈকে কাৰ্যনিৰ্বাহ কৰে। ২০১৬ চনৰ ২৫ ডিচেম্বৰত ৰাজ্যিক বিজেপিৰ সভাপতিৰ দায়িত্ব গ্রহণ কৰি দুবাৰকৈ ৰাজ্যিক সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি তৃণমূল পর্যায়লৈকে দলৰ সাংগঠনিক কাম-কাজ শক্তিশালী কৰে। ইয়াৰ পাছত পাটাছাৰকুছি সমষ্টিৰ পৰা তৃতীয়বাৰৰ বাবে তেওঁ ২০২১ চনত বিধায়ক হিচাপে নির্বাচিত হয়। প্রথম বৰ্ষত পঞ্চায়ত আৰু গ্রামোন্নয়ন, আইন আৰু ন্যায়, খাদ্য, যোগান আৰু গ্রাহক পৰিক্ৰমা, সাধাৰণ প্ৰশাসন বিভাগৰ মন্ত্রী হিচাপে দায়িত্ব পালন কৰা দাসে পৰৱৰ্তী সময়ত পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ মন্ত্ৰী হিচাপে কার্যনির্বাহ কৰে। নতুনকৈ ৰেছনকার্ড প্রদান, ২৭৮৮টা অমৃত সৰোবৰ নিৰ্মাণ, এনৰেগা আঁচনি ৰূপায়ণত দাসৰ নেতৃত্বতে অসমে সফলতা লাভ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ পাছত ২০২৬ চনত তেওঁ ভৱানীপুৰ-সৰভোগ সমষ্টিৰ পৰা নিৰ্বাচনত প্রতিদ্বন্দ্বিতা কৰি চতুৰ্থবাৰৰ বাবে বিধায়ক হিচাপে নির্বাচিত হয়।