ডিজিটেল ডেস্ক : অৰুণাচল প্ৰদেশত নিৰ্মাণ কৰিবলগীয়া ১১,২০০ মেগাৱাট ক্ষমতা সম্পন্ন উজনি ছিয়াং বহুমুখী প্রকল্পক (এছ ইউ এম পি) লৈ সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৰেপিড একশ্যন ফ'ৰ্চৰ (আৰ এ পি) ২৫০জন জোৱানক বিমানযোগে ৰাজ্যখনলৈ প্ৰেৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰে। সূত্ৰসমূহে প্রকাশ কৰা মতে, মহাৰাষ্ট্ৰৰ নয়ী মুম্বাই বিমান বন্দৰৰ পৰা আৰ এ পিৰ দুটা কোম্পানীক পাছিঘাট বিমান বন্দৰলৈ নিয়াৰ ব্যৱস্থা কৰিবলৈ ভাৰতীয় বায়ু সেনা বাহিনীক অনুৰোধ জনোৱা হয়।
সূত্ৰসমূহে প্ৰকাশ কৰা মতে, প্রতিৰক্ষা মন্ত্ৰ্যালয়ে অগ্রাধিকাৰ ভিত্তিত জোৱানকেইজনক বিমানেৰ ৰাজ্যখনলৈ পঠিওৱাৰ ব্যৱস্থা কৰিবলৈ নির্দেশ দিয়ে। যাতে জোৱানসকলে শীঘ্ৰে পৰিস্থিতি নিয়ন্ত্ৰণৰ দায়িত্বত নিয়োজিত হৈ পৰিব পাৰে। ইয়াৰ লগতে পৰিস্থিতি পর্যালোচনা কৰাৰ পাছত ৰাজ্যখনত প্রয়োজন সাপেক্ষে অতিৰিক্ত বাহিনী মোতায়েন কৰা হ'ব পাৰে বুলিও সূত্ৰটোৱে প্রকাশ কৰে।
উল্লেখযোগ্য যে উজনি ছিয়াং আৰু পূব ছিয়াং জিলাত নির্মাণ কৰিবলৈ লোৱা প্ৰস্তাৱিত প্রকল্পটোৰ বিৰুদ্ধে যোৱা ২৩ অক্টোবৰত আহ্বান জনোৱা বন্ধৰ পাছতে ৰাজ্যখনৰ পৰিস্থিতি উত্তপ্ত হৈ পৰে। শুকুৰবাৰে পাছিঘাটতত আৰম্ভ হোৱা হিংসাত্মক ঘটনা শনিবাৰে পুৱালৈকে অব্যাহত থাকে। হিংসাত্মক ৰূপ লোৱা প্ৰতিবাদকাৰীয়ে এন এইচ পি চিৰ কাৰ্যালয়, থানা, আৰক্ষীৰ বাহন আদিত অগ্নিসংযোগ কৰি ক্ষতি সাধন কৰে। হিংসাত্মক ঘটনাৰ পাছতে প্রশাসনে পূব ছিয়াং জিলাৰ পাছিঘাট, মেবো আৰু ৰক্সিনত নিষেধাজ্ঞা আৰোপ কৰে। প্ৰতিবাদকাৰীয়ে ৰাজ্যিক বিজেপিৰ সভাপতি আৰু দুজন বিধায়কৰ বাসভৱনতো আক্ৰমণ কৰে।