দেশত দ্রুতগতিত বৃদ্ধি মেদবহুলতা-মধুমেহৰ সমস্যা

dainik janambhumi June 03, 2026

ডিজিটেল ডেস্ক : উচ্ছৃংখল জীৱন শৈলীৰ ফলত ভাৰতত ১৫ বছৰৰ অধিক বয়সৰ লোকসকলৰ মেদবহুলতা আৰু মধুমেহৰ সমস্যা দ্রুতগতিত বৃদ্ধি পাইছে। স্বাস্থ্য মন্ত্রালয়ৰ ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষাৰ (এন এফ এইচ-৬, ২০২৩-২৪) প্রতিবেদনৰ পৰা এই কথা জনা গৈছে। প্রতিবেদনখনত উল্লেখ কৰা মতে, গ্রামাঞ্চলতকৈ নগৰাঞ্চলত এই হাৰ অধিক, কিন্তু এতিয়া গ্রামাঞ্চলতো মেদবহুলতা আৰু মধুমেহৰ প্ৰসাৰ ঘটিছে। সমীক্ষাত লাভ কৰা তথ্য অনুসৰি দেশত ১৫--৪৯ বছৰৰ প্ৰতি তৃতীয়গৰাকী মহিলা আৰু পুৰুষ মেদবহুলতাৰ সমস্যাত ভুগিছে। প্রতিবেদনখনৰ মতে, দেশৰ ১৫--৪৯ বছৰ বয়সৰ ৩০.৭% মহিলাই এতিয়া মেদবহুলতা অর্থাৎ অধিক ওজনৰ (বি এম আই ২৫ৰ অধিক) সমস্যাত ভুগিছে। ২০১৯-২৩ত এই হাৰ আছিল ২৪%।

নগৰাঞ্চলৰ ৪২.৮% মহিলাই এই সমস্যাত ভুগিছে। আনহাতে, ১৫--৪৯ বছৰ বয়সৰ ২৭.৩% পুৰুষ মেদবহুলতাৰ সমস্যাত ভুগিছে। নগৰাঞ্চলত এই হাৰ ৩৬.৩% আৰু গ্রামাঞ্চলত ২৩%। চিকিৎসকৰ মতে, বর্ধিত আয়, শাৰীৰিক শ্ৰমৰ অভাৱ, অসন্তুলিত খাদ্য, পেকেটত থকা বা বাহিৰৰ পৰা অনা খাদ্যৰ ব্যৱহাৰ বৃদ্ধি পোৱা তথা বহি বহি কাম কৰাৰ প্ৰৱণতাই মেদবহুলতাৰ প্ৰধান কাৰণ। মেদবহুলতাই পাছলৈ মধুমেহ আৰু উচ্চ ৰক্তচাপৰ দৰে ৰোগৰ কাৰণ হৈ পৰে। অৱশ্যে, উচ্চ ৰক্তচাপৰ ক্ষেত্ৰত পৰিস্থিতি কিছু উন্নত হৈছে। ইফালে, স্বাস্থ্যক লৈ সজাগতা বৃদ্ধি পোৱাৰ ফলত ধূমপান আৰু সুৰাৰ সেৱন হ্রাস পোৱা বুলি প্রতিবেদনখনত উল্লেখ কৰা হৈছে। ১৫ বছৰতকৈ অধিক সময় ধূমপান কৰা মহিলাৰ হাৰ ৮.৪% পোৱা গৈছে। আগতে এই হাৰ ৮.৯% আছিল। আনহাতে, সুৰাপান কৰা মহিলাৰ হাৰ ১.৩%ৰ পৰা ১.১%লৈ হ্রাস পাইছে। পুৰুষৰ ক্ষেত্ৰত এই হাৰ ১৭.৭%ৰ পৰা ১৮.৯%লৈ বৃদ্ধি পাইছে।

প্রতিবেদনখনৰ মতে দেশত মধুমেহত ভোগা লোকৰ সংখ্যা দ্রুতগতিত বৃদ্ধি পাইছে। তেজত শৰ্কৰাৰ মাত্রা ১৪০ এম জি/ ডি এলতকৈ অধিক পোৱা আৰু মধুমেহ নিয়ন্ত্ৰণৰ বাবে ঔষধ সেৱন কৰা মহিলাৰ হাৰ ১৭.৮% আৰু পুৰুষৰ হাৰ ২০.৯%। অৱশ্যে, উচ্চ ৰক্তচাপত ভোগা লোকৰ সংখ্যা ক্ৰমাৎ হ্রাস পাবলৈ ধৰিছে। ১৫ বছৰতকৈ অধিক বয়সৰ উচ্চ ৰক্তচাপত ভোগা মহিলাৰ হাৰ ২১.৩%ৰ পৰা ১৯.৪%লৈ আৰু পুৰুষৰ হাৰ ২৪.০%ৰ পৰা ২২.১%লৈ হ্রাস পাইছে।

Share This