গোৱালপাৰাত দুর্লভপ্ৰজাতিৰ মাছ অৱিষ্কাৰ

dainik janambhumi April 28, 2026

ডিজিটেল ডেস্ক : ৰাজ্যৰ প্রকৃতিপ্রেমীসকলৰ বাবে সু-খবৰ। ৰাজ্যত পোৱা গৈছে এক দুর্লভ প্ৰজাতিৰ মাছ। 

কালি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই ছ'চিয়েল মিডিয়া যোগে এই কথা ৰাজহুৱা কৰি কয়, 'অসমত এক বিস্ময়কৰ আৱিষ্কাৰ। গোৱালপাৰাৰ গভীৰ ভূগর্ভস্থ পানীত পোৱা গ'ল এক দুর্লভমাছৰ প্ৰজাতি- যিয়ে আমাৰ অসমৰ সমৃদ্ধ আৰু এতিয়াও অনাবিষ্কৃত জৈৱ-বৈচিত্র্যৰ এক নতুন দিশ উন্মোচন কৰিলে। 

ছেনকেনবার্গ, অসম ডন বস্ক' বিশ্ববিদ্যালয়, ধানামঞ্জুৰি বিশ্ববিদ্যালয় আদি প্ৰতিষ্ঠানৰ গৱেষকসকলক এই অনন্য সাফল্যৰ বাবে আন্তৰিক অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।' এই ধৰণৰ গৱেষণাই আমাৰ প্ৰাকৃতিক ঐতিহ্য সংৰক্ষণৰ ক্ষেত্ৰত এক নতুন পথ প্রদর্শন কৰে বুলিও তেওঁ মত প্রকাশ কৰে।

Share This