ডিজিটেল ডেস্ক : বিশ্বৰ অন্যতম সৰ্ববৃহৎ ক্রীড়া প্রতিযোগিতা ফিফা বিশ্ব কাপলৈ মাজতে আৰু মাত্র কেইটামান সপ্তাহহে বাকী আছে। এইবাৰৰ বিশ্ব কাপত ব্যৱহাৰ কৰিবলগীয়া ফুটবল 'ট্রায়'ণ্ডা'ত অত্যাধুনিক প্রযুক্তি আৰু ছেনছৰ ব্যৱহাৰ কৰা হ'ব। এইবাৰৰ বলটো ৰিচাৰ্জ কৰিব পৰা যাব। প্ৰতিখন মেচৰ আগতে ট্রায় 'ণ্ডাক চার্জ কৰা হ'ব আৰু ছয় ঘণ্টালৈকে কাম কৰিব। ইয়াত থকা অত্যাধুনিক ছেনছৰৰ জৰিয়তে 'লাইভ ডাটা' লাভ কৰিব পৰা যাব আৰু ইয়াৰ ফলত ৰেফাৰীয়ে তৎক্ষণাত সিদ্ধান্ত গ্রহণ কৰাত সহায় কৰিব।
অফছাইড আৰু গ'ল লাইনৰ দৰে বিতর্কিত বিষয়ত ভিডিঅ' এছিষ্টেন্ট ৰিভিউত (ভি এ আৰ) এই বলটোৰ জৰিয়তে ৰেফাৰীয়ে সঠিক তথ্য লাভ কৰিব। উল্লেখযোগ্য যে বলটোত অত্যাধুনিক এক পাতল 'পেনেল-ইন্টিগ্রেটেড ছেনছৰ' লগোৱা হৈছে আৰু ষ্টেডিয়ামত লগোৱা ১২টা কেমেৰাৰ সৈতে মিলি কাম কৰিব। এই ছেনছৰ এবাৰ চার্জ কৰিলে ছয় ঘণ্টালৈকৈ সক্ৰিয় হৈ থাকে।
বলটোত থকা ৫০০ হার্টজৰ মোশ্যন ছেনছৰ এই ছিপে প্রতি ছেকেণ্ডত ৫০০বাৰ ডাটা ৰেকৰ্ড কৰে। আন কথাত বলত কৰা প্ৰতিটো স্পর্শ ধৰা পেলাব পৰা যাব। এই ছেনছৰৰ ওজন মাত্র ১৪ গ্রাম আৰু ই বল তথা খেলুৱৈক কোনোধৰণেৰে প্ৰভাৱিত কৰিব নোৱাৰে।