ডিজিটেল ডেস্ক :মোহময়ী ৰেখা সমগ্ৰ বলিউড জগতৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী। ১৯৯০ চনত ব্যৱসায়ী মুকেশ আগৰৱালাৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল ৰেখা। বলিউডত এটা সময়ত ৰাজত্ব কৰিছিল অভিনেত্ৰী ৰেখাই। ফিল্মী কেৰিয়াৰৰ লগতে ব্যক্তিগত জীৱনক লৈও সদায় চৰ্চাত থাকে তেওঁ। এনে সময়তে আন এক চৰ্চা খুবেই চলি থকা দেখিবলৈ পোৱা যায়। সেইটো হৈছে ৰেখাৰ শিৰৰ সেন্দূৰ। আজিও কোনেও নাজানে ৰেখাই কাৰ নামত সেন্দূৰ পিন্ধে বা ৰেখাই স্পষ্টকৈ ইয়াৰ ওপৰত একো কোৱা নাই।
অমিতাভৰ সৈতে ৰেখাৰ সম্পৰ্কক লৈ আজিও চৰ্চা হয়। কিন্তু কেৱল অমিতাভেই নহয়, আৰু বহু নায়কৰ সৈতে একাধিকবাৰ নাম সাঙোৰ খাইছে অভিনেত্ৰীগৰাকীৰ। ৰেখাৰ জীৱন কোনো চিনেমাৰ কাহিনীতকৈ কম আকৰ্ষণীয় নহয়। যেতিয়া অভিনেত্ৰীগৰাকী ঋষি কাপুৰ আৰু নীতু কাপুৰৰ বিয়াত সেন্দূৰ আৰু মংগলসূত্ৰ পিন্ধি উপস্থিত হৈছিল তেতিয়া ৰেখাৰ সেন্দুৰৰ বিষয়ে এটা চাঞ্চল্যকৰ খবৰ আহিছিল। অৱশ্যে ৰেখাই পিছত এই কাৰণটো প্ৰকাশ কৰিছিল।
ৰেখাই এক সাক্ষাৎকাৰত কৈছিল যে যিখন চহৰৰ পৰা মই আহিছো, তাত সেন্দূৰ পিন্ধাটো ফেশ্বন। আনহাতে, আন এক সূত্ৰৰ পৰা জানিব পৰা মতে নিজৰ সৌন্দৰ্যতা বজাই ৰাখিবলৈয়ে সেন্দূৰ লয় ৰেখাই।
আনহাতে পুনীত ইছাৰৰ পত্নী দীপালীয়ে কৈছিল যে তেওঁ অমিতাভ বচ্চনৰ নামত সেন্দূৰ পিন্ধে।দৰাচলতে, ৰেখাই তেওঁৰ এখন চলচ্চিত্ৰৰ প্ৰচাৰৰ বাবে বিগ বছত উপস্থিত হৈছিল, য'ত তেওঁ পুনীত ইছাৰক সম্পূৰ্ণৰূপে উপেক্ষা কৰিছিল।