ঢকুৱাখনাত কেন্দ্ৰীয় বীৰাংগনা সতী সাধনী দিৱস, সাংস্কৃতিক শোভাযাত্রাত উজলিল চুতীয়াৰ চহকী ঐতিহ্য

dainik janambhumi April 22, 2026

ডিজিটেল ডেস্ক: '১৫২৩ চনৰ আজিৰ দিনটোতে অর্থাৎ ৭ বহাগতেই চুতীয়া ৰাজ্যৰ অৱসান ঘটিছিল। আজিৰ দিনটোত আমি জাতিটোৰ সকলো নাগৰিক একত্ৰিত হৈ স্বাভিমানী জাতিটোক অর্থনৈতিক, ৰাজনৈতিক, সামাজিক সাংস্কৃতিক আৰু শৈক্ষিক দিশত আগুৱাই নিয়াৰ সংকল্প লোৱা উচিত।' -এই বক্তব্য সদৌ চুতীয়া জাতি সন্মিলনৰ উপদেষ্টা অমিয় কুমাৰ বৰাৰ। 

সোমবাৰৰ পৰা দুদিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে ঢকুৱাখনা ৰাজহুৱা খেলপথাৰৰ লক্ষ্মীনাৰায়ণ ক্ষেত্রত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু সদৌ চুতীয়া জাতি সন্মিলন, অসমৰ সহযোগত তথা ঢকুৱাখনা জিলা চুতীয়া জাতি সন্মিলনৰ ভাতৃ-ভগ্নী সংগঠনবোৰৰ আতিথ্যত কেন্দ্রীয়ভাৱে অনুষ্ঠিত বীৰাংগনা সতী সাধনী দিৱসৰ কালি অনুষ্ঠিত মুকলি সভাত নির্দিষ্ট বক্তা হিচাপে ভাষণ দি বৰাই এইদৰে কয়। ভাষণত বৰাই আৰু কয় যে- 'সতী সাধনী এছিয়া মহাদেশৰ প্ৰথম মহিলা যিগৰাকীয়ে নিজৰ জাতিৰ আৰু ৰাজ্যৰ সুৰক্ষাৰ বাবে নাৰী বাহিনী গঠন কৰিছিল। স্বাভিমানী এইগৰাকী মহীয়সী নাৰীয়ে আহোম সেনাবাহিনীৰ হাতত পৰাস্ত হৈ আত্মসমর্পণ কৰাতকৈ মৃত্যুকে শ্রেয় বুলি বিবেচনা কৰি কুবেৰপ্ৰদত্ত সোণৰ মেকুৰী, ঢাল আৰু তৰোৱাল লৈ চন্দনগিৰি পৰ্বতৰ পৰা জঁপিয়াই প্রাণত্যাগ কৰিছিল। এওঁ ঝান্সীৰ ৰাণী লক্ষ্মীবাই, মুলাগাভৰু আৰু জয়মতীৰ পূৰ্বেই স্বৰাজ্য আৰু স্বজাতিৰ বাবে আত্মত্যাগ কৰি ইতিহাস ৰচনা কৰিছিল।' 

চুতীয়া জাতি সন্মিলনৰ কাৰ্যকৰী সভাপতি গোবিন চন্দ্ৰ চুতীয়াৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা মুকলি সভাখন উদ্বোধন কৰি বিশিষ্ট লেখক, শিক্ষাবিদ ড° ৰমেশ চন্দ্ৰ চুতীয়াই কয় যে- 'বীৰাংগনা সাধনীৰ যি শৌর্য-বল-বিক্রম আৰু বুদ্ধিমত্তা আছিল, সেই বিষয়ত আজিও সঠিক মূল্যায়ন আৰু গৱেষণা হোৱা নাই। আজিৰ তাৰিখত চুতীয়াসকলে নিজৰ প্ৰাপ্যৰ বাবে ৰাজপথত আন্দোলন কৰিলেই নহ'ব কলম, কিতাপৰ এখন বৌদ্ধিক আন্দোলনো কৰিব লাগিব। গুৰুত্বপূৰ্ণ কথা এয়ে যে আজিৰ দিনটোত অসমৰ নামী-দামী পাঁচ/ছয়খনকৈ কাকতত বীৰাংগনা সাধনী আৰু চুতীয়াসকলৰ ঐতিহ্য-বুৰঞ্জীৰ বিভিন্ন লেখা একেলগে বিশেষ পৃষ্ঠাত প্রকাশ পাইছে। এয়া এক বৌদ্ধিক আন্দোলনৰ শুভাৰম্ভণি বুলি ধৰিব পাৰি। আমি জাতিৰ বাবে সকলোৱে নিজৰ কিছু অৰিহণা আগবঢ়ালেহে জাতিৰ ভৱিষ্যৎ উজ্জ্বল হ'ব।' 

ইফালে বিশিষ্ট অতিথিৰূপে উপস্থিত থকা চুতীয়া উন্নয়ন পৰিষদৰ অধ্যক্ষ কুল কমল বৰুৱাই কয় যে '১১৮৭ চনত বীৰপালে দ্বিতীয় বাৰৰ বাবে চুতীয়া ৰাজ্য গঠন কৰিছিল। ইয়াৰ পূৰ্বে চীনৰ চ্যু প্ৰদেশৰ পৰা অহা অসম ভিন্ন নামৰ এজন লোকে চুতীয়া ৰাজ্য প্ৰতিষ্ঠা কৰিছিল।' মুকলি সভাতেই ৫০৩ সংখ্যক বীৰাংগনা সতী সাধনী দিৱস উপলক্ষে লেখক, সাংবাদিক ৰাজীৱ বৰুৱাৰ সম্পাদনাত প্রকাশিত-স্মাৰক গ্রন্থ 'বীৰাঙ্গনা' উন্মোচন কৰে ধেমাজি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড° বুধিন বৰুৱাই। 

মুকলি সভাখনত সদৌ অসম আহোম সভাৰ সভাপতি শশাংক নেওগ, সদৌ অসম মটক সম্মিলনৰ সম্পাদক কিৰণ ৰাজখোৱা আৰু সদৌ অসম মৰাণ সভাৰ সভাপতি ৰাজীৱ বৰুৱা, অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ অতিৰিক্ত সচিব ৰঞ্জিত স্বর্গীয়াৰীকে আদি কৰি বহু কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। 

ইয়াৰ পূৰ্বে কালি দ্বিতীয় দিনাৰ কাৰ্যসূচী পুৱা ৯ বজাত তুলসী শইকীয়াই মূল তোৰণ আৰু হেম বৰুৱাই মূল মঞ্চ উদ্বোধন কৰে। ইয়াৰ পাছত পুৱা ১১ বজাত বর্ণাঢ্য সাংস্কৃতিক শোভাযাত্রা উলিওৱা হয়। চুতীয়া জনগোষ্ঠীৰ চহকী ঐতিহ্য -পৰম্পৰা, সংস্কৃতিৰ লগতে লোকাচাৰ আদিক প্রতিফলিত কৰা এই সুন্দৰ শোভাযাত্রাটো উদ্বোধন কৰে শ্রীবাসুদেৱ থান নৰোৱা সত্ৰৰ অধিকাৰ ভূপেন্দ্ৰ নাথ দেৱগোস্বামীয়ে। ৯১ বছৰীয়া সত্ৰাধিকাৰ ভূপেন্দ্ৰ নাথ দেৱগোস্বামীয়ে অসম আৰু অসমীয়া জাতি গঠন প্রক্রিয়াত সতী সাধনীৰ অৱদান শ্ৰদ্ধাৰে স্মৰণ কৰি তেওঁৰ আদৰ্শক অনুসৰণ কৰি জাতিটোক সমৃদ্ধ কৰিবলৈ আহ্বান জনায়। আনহাতে ২০ এপ্ৰিলত প্ৰথম দিনাৰ কাৰ্যসূচী পুৱা ৯ বজাত ঢকুৱাখনা জিলা চুতীয়া জাতি সন্মিলনৰ সভাপতি দিব্য খনিকৰে কৰা পতাকা উত্তোলনেৰে আৰম্ভ হয়। ইয়াৰ পাছত সতী সাধনীৰ প্ৰতিচ্ছবিত মাল্যার্পণ কৰে চুতীয়া উন্নয়ন পৰিষদৰ সদস্যা ৰূপাঞ্জলি খনিকৰে আৰু স্মৃতি তৰ্পণ কৰে সদৌ চুতীয়া জাতি সন্মিলনৰ সম্পাদক নৃপেন খনিকৰে। দুপৰীয়া ঢকুৱাখনা জিলা চুতীয়া জাতি সম্মিলনৰ প্ৰতিনিধি সভা অনুষ্ঠিত হয়। উক্ত সভাত বসন্ত শইকীয়াক সভাপতি আৰু পৰাগ শইকীয়াক সম্পাদকৰ দায়িত্ব দি জিলা সমিতিৰ নতুন কার্যনির্বাহক সমিতিখন গঠন কৰা হয়। সন্ধিয়া গণশিল্পী ৰাজীৱ শদিয়াৰ স্মৃতিত অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰে চুতীয়া যুৱ সন্মিলন, অসমৰ সভাপতি কৌস্তুভ কিশোৰ চুতীয়াই। 

ইফালে কালি নিশা অনুষ্ঠিত প্ৰাণৰ শিল্পী জুবিন গাৰ্গ সোঁৱৰণী সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰে এল টি কে কলেজৰ সহযোগী অধ্যাপক ড° ৰণদ্বীপ বৰাই।

Share This