ডিজিটেল ডেস্ক : দীর্ঘ দূৰত্বৰ অস্ত্রোপচাৰৰ ক্ষেত্ৰত এজন ভাৰতীয় বংশোদ্ভৱ ব্রিটিছ শল্য চিকিৎসকে অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। লণ্ডন নিৱাসী ইউৰ'লজিষ্ট অধ্যাপক প্ৰকাৰ দাসগুপ্তাই ৰব'টিক পদ্ধতিৰে ২,৪১৪ কিল 'মিটাৰ আঁতৰত থকা ৰোগীৰ অস্ত্রোপচাৰ সম্পন্ন কৰি এই অভিলেখ গঢ়ে। বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ দ্রুত উন্নয়নৰ যুগত চিকিৎসা খণ্ডলৈও পৰিৱৰ্তন আহিছে। ৰব'টিক অস্ত্রোপচাৰ পদ্ধতি উদ্ভাৱনৰ লগে লগে সাত সাগৰ তেৰ নদীৰ সীপাৰে কোনো হস্পিটেলৰ অস্ত্রোপচাৰ কক্ষত শয্যাগত ৰোগীকো অস্ত্রোপচাৰ কৰিব পৰা হৈছে।
অধ্যাপক দাসগুপ্তাই তেনে এক অস্ত্রোপচাৰেই সফলতাৰে কৰিবলৈ সক্ষম হয়। তেওঁ লণ্ডনত থাকিয়ে ৰব'টিক অস্ত্রোপচাৰ পদ্ধতিৰ জৰিয়তে ২,৪১৪ কিল'মিটাৰ আঁতৰৰ জিব্রাল্টৰত থকা ৰোগীৰ অস্ত্রোপচাৰ সম্পন্ন কৰে। এগৰাকী ৬২ বছৰীয়া কর্কট ৰোগীৰ পুৰুষ গ্রন্থী (প্রষ্টেট) তেওঁ অস্ত্রোপচাৰৰ জৰিয়তে সফলতাৰে শৰীৰৰ পৰা আঁতৰ কৰে।
জিব্রাল্টৰ ছেইন্ট বার্নার্ডছ হস্পিটেলৰ অস্ত্রোপচাৰ কক্ষত থকা ৰোগীক দাসগুপ্তাই ব্রিটেইনৰ লণ্ডন ক্লিনিকত বহিয়ে অস্ত্রোপচাৰ সম্পন্ন কৰে। ই হৈছে ব্রিটেইনৰ প্ৰথমটো দীর্ঘ দূৰত্বৰ অস্ত্রোপচাৰ।