পাঁচখন আন্তঃৰাষ্ট্ৰীয় টাইকোৱাণ্ডোলৈ ৰ'দালি বৰুৱা

dainik janambhumi February 16, 2026

ডিজিটেল ডেস্ক : অসম টাইকোৱাণ্ডো সন্থাৰ খেলুৱৈ আন্তর্জাতিক টাইকোৱাণ্ডোকা ৰ'দালি বৰুৱাই উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্র কিউৰোগী ইভেণ্টৰ খেলুৱৈৰূপে আগন্তুক পাঁচখন আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত অংশগ্ৰহণৰ পাৰ-পত্ৰ লাভ কৰিছে। প্রতিযোগিতাকেইখন হ'ল ২০২৬ চনৰ বুলগেৰিয়া অ'পেন, শ্লোভেনিয়া অ'পেন, ডাচ্চ অ'পেন আৰু অ'চেনিয়া চেম্পিয়নশ্বিপ-২০২৬। এই বাতৰি দিছে অসম টাইকোৱাণ্ডো সন্থাৰ সাধাৰণ সম্পাদক হিৰণ্য শইকীয়াই। বিশ্ব টাইকোৱাণ্ডো ফেডাৰেশ্যনৰ (ডব্লিউ টি এফ) স্বীকৃত কেউখন প্রতিযোগিতাই আন্তর্জাতিক জি-২ পৰ্যায়ৰ। 

ইয়াৰ উপৰি (২০২৬ চনত) নেপালত অনুষ্ঠিতব্য আন্তৰ্জাতিক জিৰ স্তৰৰ প্রতিযোগিতা চতুর্থ মাউণ্ট এভাৰেষ্ট আন্তঃৰাষ্ট্ৰীয় মুকলি টাইকোৱাণ্ডো চেম্পিয়নশ্বিপতো অংশগ্ৰহণৰ সুযোগ লাভ কৰা ৰ'দালি ইতিমধ্যে ভাৰতীয় দলৰ সৈতে প্রতিৱেশী ৰাষ্ট্ৰখনৰ ৰাজধানী চহৰ কাঠমাণ্ডুত উপস্থিত হৈছেগৈ। আনহাতে, চলিত ফেব্ৰুৱাৰী আৰু অহা মার্চত অনুষ্ঠিত হ'বলগীয়া আগশাৰীৰ আন্তর্জাতিক চেম্পিয়নশ্বিপসমূহত অংশগ্ৰহণৰ বাবে টার্গেট এছিয়ান গেমছ গ্রুপে অসম কন্যাগৰাকীক ২১.২০ লাখ টকাৰ আর্থিক সাহায্যত অনুমোদন দিছে। 

উল্লেখযোগ্য যে ২০২৫ চনত প্রছিডেন্স কাপ আন্তর্জাতিক টাইকোৱাণ্ডো আৰু অষ্ট্ৰেলিয়াৰ অ'পেন টাইকোৱাণ্ডো চেম্পিয়নশ্বিপ উভয়তে ৰ'দালি বৰুৱাই ব্ৰঞ্জৰ পদক লাভ কৰিছিল। দুয়োখন প্রতিযোগিতা যোৱা বছৰ আগষ্টত অষ্ট্ৰেলিয়াৰ গ'ল্ড কোষ্টত অনুষ্ঠিত হৈছিল, য'ত ৰ'দালি অৱতীৰ্ণ হৈছিল ব্যক্তিগত ৭৫ কেজি ঊর্ধ্ব ওজন শাখাত।

Share This