বেংগালুৰুৰ বিৰুদ্ধে মুম্বাইৰ নেতৃত্বত ৰোহিত!

dainik janambhumi May 08, 2026

ডিজিটেল ডেস্ক : ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে আই পি এলৰ দেওবাৰৰ খেলখনৰ বাবে মুম্বাই ইণ্ডিয়ানছ দলৰ সৈতে ৰায়পুৰলৈ উৰা মৰা নাছিল অধিনায়ক হার্দিক পাণ্ডিয়া। পৰৱৰ্তী সময়ত জনা গ'ল যে সূর্যকুমাৰ যাদৱো দলৰ সৈতে ৰায়পুৰলৈ যোৱা নাই। সেয়ে, দেওবাৰে বেংগালুৰুৰ বিৰুদ্ধে খেলখনত মুম্বাইৰ অধিনায়ক আৰু সহঃঅধিনায়ক সূর্যকুমাৰৰ অংশগ্রহণত অনিশ্চিয়তাই দেখা দিছে। তাৰ মাজতে মুম্বাইৰ অধিনায়ক হিচাপে ৰোহিত শৰ্মাৰ নাম চৰ্চিত হৈছে। ৰায়পুৰৰ খেলখনৰ বাবে একেলগে যোৱা নাছিল সমগ্র মুম্বাই দলটো। কেইবাটাও ভাগত গৈছিল। কিন্তু হার্দিক প্রথমটো গ্রুপতে যোৱাৰ কথা আছিল। কিন্তু তেওঁ নগ'ল। সূর্যকুমাৰে দ্বিতীয়টো গ্ৰুপত যোৱাৰ কথা আছিল যদিও তেৱোঁ নগ'ল। দেওবাৰৰ পূৰ্বে তেওঁলোকে দলত যোগদান কৰিব নে নকৰে সেয়া জানিব পৰা হোৱা নাই। 

মুম্বাইৰ শেষৰখন খেলত লক্ষ্ণৌৰ বিৰুদ্ধেও খেলা নাছিল হার্দিকে। জানিব পৰা মতে, হার্দিকৰ কঁকালৰ বিষ হৈছে। সেইবাবেই তেওঁ জিৰণি লৈছে। হার্দিকে খেলিব নোৱাৰাৰ কাৰণে লক্ষ্ণৌৰ বিৰুদ্ধে অধিনায়কৰ দায়িত্ব পালন কৰে সূৰ্যকুমাৰে। এনে পৰিস্থিতিত মুম্বাইৰ অধিনায়ক হ'ব পাৰে ৰোহিত। কিন্তু তেওঁ নিজেই আঘাতৰ সমস্যাত ভুগি আছে। কেইবাখনো খেলত অংশ ল'ব পৰা নাই ৰোহিতে। লক্ষ্ণৌৰ বিৰুদ্ধে ইমপেক্ট খেলুৱৈ হিচাপে নামি ভাল বেটিং কৰে। কিন্তু নেতৃত্বৰ দায়িত্ব চম্ভালিলে ৰোহিতে সমগ্র ২০ অ'ভাৰ ফিল্ডিং কৰিব লাগিব। এতিয়া তেওঁৰ সেই ফিটনেছ আছে নে নাই সেয়া জানিব পৰা হোৱা নাই। 

সেয়ে, দেওবাৰে পুৱা পর্যন্ত ৰোহিতৰ বাবে অপেক্ষা কৰা হ'ব। ৰোহিত যদি ফিটনেছ পৰীক্ষাত উত্তীর্ণ হয় তেন্তে বেংগালুৰুৰ বিৰুদ্ধে তেৱেঁই মুম্বাইৰ অধিনায়কৰ দায়িত্ব পালন কৰিব। ফিটনেছ পৰীক্ষাত ৰোহিত উত্তীর্ণ হ'ব নোৱাৰিলে মুম্বায়ে আন কাৰোবাৰ কথা ভাবিব লাগিব। সেই ক্ষেত্রত যশপ্রীত বুমৰাহে দায়িত্ব লাভ কৰিব পাৰে।

Share This