ক্রিকেটক বিদায় জনাব ৰোহিতে, টেলিভিছনৰ পৰ্দাত আৰম্ভ কৰিব নতুন ইনিংছ

Dainik Janambhumi September 02, 2026

ডিজিটেল ডেস্ক : এইবাৰ নতুন ভূমিকাত দেখা যাব ৰোহিত শৰ্মাক। টেলিভিছনৰ পৰ্দাত নিজৰ নতুন ইনিংছ আৰম্ভ কৰিবলৈ ওলাইছে ভাৰতৰ তাৰকা বেটাৰগৰাকীয়ে। ছ'নী পিকচাৰ্ছ নেটৱৰ্কে ঘোষণা কৰিছে যে তেওঁলোকৰ 'ফেমিলী ফুল হাউছ উইথ ৰোহিত শর্মা' শীর্ষক নতুন শ্ব'ত দেখা যাব ভাৰতৰ প্রাক্তন অধিনায়কক। ইতিমধ্যেই শ্বুটিং আৰম্ভ হোৱা বুলি জনাইছে ছ'নীয়ে। অহা ১৯ ছেপ্টেম্বৰৰ পৰা টেলিভিছনৰ পৰ্দাত আৰম্ভ হ'ব ৰোহিতৰ নতুন অনুষ্ঠান। কিন্তু শ্ব'টো কি বিষয়ত হ'ব অথবা ইয়াৰ ফর্মেট কি হ'ব সেই সন্দৰ্ভত তেওঁলোকে একো প্রকাশ কৰা নাই। 

টেলিভিছনৰ জগতখনত ক্রিকেটাৰে প্রৱেশ কৰাটো কোনো নতুন কথা নহয়। ইয়াৰ আগেয়ে আন এগৰাকী প্ৰাক্তন ভাৰতীয় অধিনায়ক সৌৰভ গাংগুলীয়ে এই কাম কৰিছে। ক্রিকেটৰ পৰা অৱসৰ লোৱাৰ পাছতে গাংগুলীয়ে 'দাদাগিৰি' নামৰ এটা অনুষ্ঠানৰ সঞ্চালক আছিল। সম্প্রতি 'বিগ বছ বাংলা'ৰ সঞ্চালকৰ ভূমিকাত দেখা গৈছে গাংগুলীক। গাংগুলীৰ পদাংক অনুসৰণ কৰিবলৈ আগবাঢ়িছে ৰোহিতে। ইতিমধ্যেই টেষ্ট আৰু টি-২০ৰ পৰা অৱসৰ লৈছে ৰোহিতে। এতিয়া তেওঁ মাথোঁ এদিনীয়া ক্রিকেটহে খেলে। তেওঁৰ লক্ষ্য ২০২৭ চনৰ এদিনীয়া বিশ্ব কাপত খেলা। 

কিন্তু তেতিয়ালৈকে তেওঁ যে খেলি থাকিব পাৰিব সেয়া নিশ্চিত নহয়। সেই বাবেই নেকি ৰোহিতে টেলিভিছনত ভৰি দিব খুজিছে। এইবাৰ তেওঁ এদিনীয়া ক্রিকেটক বিদায় জনাব নেকি তাকে লৈ আৰম্ভ শেষবাৰৰ বাবে এই বছৰৰ জুলাইত ইংলেণ্ডত ভাৰতীয় দলৰ জাৰ্ছীৰে খেলিছিল। লৰ্ডছৰ শেষৰখন মেচত শতক অৰ্জন কৰি ৰোহিতে প্ৰমাণ কৰি দেখুৱালে যে বেটত তেওঁৰ ৰানৰ ক্ষুধা এতিয়াও শেষ হৈ যোৱা নাই।

Share This