বয়সেও হাৰ মনাব পৰা নাই ৰোনাল্ডোক, ছৌডি প্ৰ' লীগত কেৰিয়াৰৰ ৯৭৮সংখ্যক গ'ল

Dainik Janambhumi August 31, 2026

ডিজিটেল ডেস্ক : ফুটবলৰ খেলপথাৰত ক্রিষ্টিয়ানো ৰোনাল্ডোৰ চমক বয়সেও হাৰ মনাব পৰা নাই। ৰোনাল্ডোৱে ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে গ'ল দি গৈছে আৰু নিজৰ শক্তিশালী প্ৰদৰ্শনৰ জৰিয়তে সকলোকে আকৰ্ষিত কৰিছে। শনিবাৰে তেওঁ ছৌডি প্ৰ' লীগৰ এখন মেচত নিজৰ কেৰিয়াৰৰ ৯৭৮ সংখ্যক গ'ল দিয়ে পটু'গীত খেলুৱৈজনে। ৰোনাল্ডোৰ এই গ'লটোৰ সহায়ত তেওঁৰ দল আল নাছৰে আল তয়াৱুনক ২-১ গ'লৰ ব্যৱধানত পৰাজিত কৰে। এই আছিল লীগত আল নাছৰৰ চতুর্থ জয় আৰু ইয়াৰ সহায়ত পইণ্টৰ তালিকাত শীর্ষ স্থান দখল কৰি আছে ক্লাবটোৱে। 

উল্লেখযোগ্য যে শনিবাৰৰ এই মেচখনত আল নাছৰৰ আৰম্ভণি ভাল নাছিল। খেলৰ ১১ মিনিটতে আল তয়াৱুনৰ মহম্মদ বাছম আৰ হুৰেজীয়ে গ'ল দিয়ে আৰু আল নাছৰ ১-০ ব্যৱধানত পাছ পৰে। তেনে অৱস্থাত চাপৰ সন্মুখীন হ'লেও দলটোৱে হাৰ মনা নাছিল। প্রথমাৰ্ধৰ ইনজুৰি টাইমত আল নাছৰৰ ছামু কোষ্টাই এটা গ'ল দি মেচখনত সমতা স্থাপন কৰে। দ্বিতীয়াৰ্ধৰ আৰম্ভণিতে ৰোনাল্ডোৰ যাদু দেখিবলৈ পোৱা গ'ল। খেলৰ ৫০ মিনিটত জোৱাও ফেলিক্সে বাওঁফালৰ পৰা সুন্দৰভাৱে বল আগুৱাই নি মহম্মদ ছিমাকনলৈ আগুৱাই দিয়ে। 

ছিমাকনে বক্সৰ কাষৰে এটা শক্তিশালী শ্বট মাৰে আৰু ৰোনাল্ডোৱে অতি কৌশলেৰে মাত্ৰ ৬ য়ার্ড দূৰত্বৰ পৰা ফ্লিক কৰি বল নেটত প্ৰৱেশ কৰোৱায়। এয়া আছিল ৰোনাল্ডোৰ কেৰিয়াৰৰ ৯৭৮ সংখ্যক গ'ল। উল্লেখযোগ্য যে শনিবাৰে এই মেচখনত সম্পূর্ণ ৯০ মিনিট খেলে ৰোনাল্ডোৱে।

Share This