ডিজিটেল ডেস্ক: ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে একেৰাহে দ্বিতীয়বাৰলৈ আই পি এলৰ খিতাপ জয় কৰে। বিৰাট কোহলীৰ বেটিং বিক্ৰমৰ লগতে বলাৰৰ আকৰ্ষণীয় বলিঙৰ সহায়ত আই পি এলৰ কালিৰ ফাইনেলত গুজৰাট টাইটানছক ৫ উইকেটত হৰুৱাই খিতাপ অক্ষুণ্ণ ৰাখে বেংগালুৰুৱে।
গুজৰাটৰ ৮ উইকেটত ১৫৫ ৰানৰ প্ৰত্যুত্তৰত বেংগালুৰুৱে ১৮ অ'ভাৰত ৫টা উইকেট হেৰুৱাই ১৬১ ৰান কৰি দ্বিতীয়বাৰলৈ খিতাপ তুলি ধৰে। কোহলীয়ে ৪২ বলত ৯টা চাৰি আৰু ৩টা ছয়েৰে ৭৫ ৰানত অবিজিত থাকে। তাৰকা বেটাৰগৰাকীয়ে আই পি এলত ২৫টা বলত নিজৰ দ্রুততম অর্ধ শতৰান পূৰ কৰে। কোহলীৰ উপৰি ভেংকটেশ আয়াৰে ৩২ আৰু টিম ডেভিদে ২৯ ৰানৰ উপযোগী বৰঙনি যোগায়। কোহলীৰ সৈতে ১১ ৰানত বেট ধৰি থাকে জীতেশ শৰ্মাই। ইয়াৰ আগেয়ে বেংগালুৰুৱে আকর্ষণীয় অলৰাউণ্ড বলিঙেৰে গুজৰাটক ৮ উইকেটত ১৫৫ ৰানত সীমিত ৰাখিছিল।
ভুৱনেশ্বৰ কুমাৰ (২-২৯) আৰু জুছ হেজলউদৰ (২-৩৭) বলিং বিক্ৰমত ৰান নাপালে শুভমন গীল (১০) আৰু ছাই সুদর্শনে (১২)। ব্যর্থ হয় জুছ বাটলাৰো (১৯)। বেটিং বিপর্যয়ৰ সন্মুখীন হোৱা গুজৰাটৰ ইনিংছত ৱাশিংটন সুন্দৰে সৰ্বাধিক অপৰাজিত ৫০ ৰানৰ অৱদান যোগায়। য'ত আনসকলে ব্যর্থ হয়। ভুৱনেশ্বৰ আৰু হেজলউদক যোগ্য সহযোগিতা আগবঢ়োৱা ৰাছিম ছালামে ২৭ বলত তিনিটা উইকেট দখল কৰে।