আই পি এল : একেৰাহে ষষ্ঠ পৰাজয় পঞ্জাব কিংছৰ, প্লে' অফত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু

dainik janambhumi May 18, 2026

ডিজিটেল ডেস্ক: প্রথমটো দল হিচাপে চলিত ছিজনৰ আই পি এলৰ প্লে' অফত প্ৰৱেশ কৰিছে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে। পঞ্জাব কিংছক আই পি এলৰ কালিৰ এখন খেলত ২৩ ৰানত হৰুৱাই প্রথমেই প্লে' অফলৈ উন্নীত হয় বেংগালুৰু। 

প্রথমে বেট ধৰি বেংগালুৰুৱে বিৰাট কোহলী কোহ ৫৮ আৰু ভেংকটেশ আয়াৰৰ অবিজিত ৭৩ ৰানৰ জৰিয়তে ৪ উইকেটত ২২২ ৰান সংগ্ৰহ কৰে। প্রত্যুত্তৰত পঞ্জাবে ৮ উইকেটত ১৯৯ ৰান কৰি চলিত আই পি এলত একেৰাহে ষষ্ঠটো পৰাজয়ৰ সন্মুখীন হয়। শেষৰফালে ল'ৱাৰ অৰ্ডাৰৰ বেটাৰদ্বয় শশাংক সিং (২৭ বলত ৫৬) আৰু মাৰ্কাছ ষ্টইনিছে (২৫ বলত ৩৭ ৰান) যুঁজ দিলেও দলক জয়ৰ লক্ষ্যলৈ তুলি নিয়াত ব্যর্থ হয়। 

ভুৱনেশ্বৰ কুমাৰে পঞ্জাবৰ বিপজ্জনক অ'পেনিং যুটি প্রিয়াংশ আর্য (০) আৰু প্ৰভছিমৰন সিঙক (২) আগতীয়াকৈ বিদায় দি বেংগালুৰুৰ বাবে ভাল বৰঙনি কৰে। তেওঁক যোগ্য সহযোগিতা আগবঢ়াই পেচাৰ ৰছিম দালালে ৩৬ ৰানত তিনিটা উইকেট দখল কৰে। ইয়াৰ আগেয়ে ভেংকটেশ আয়াৰৰ ৪০টা বলত আকর্ষণীয় তথা অবিজিত ৭৩ ৰানৰ সহায়েৰে পঞ্জাব কিংছৰ বিৰুদ্ধে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে ৪ উইকেটত প্রত্যাহ্বানমূলক ২২২ ৰানৰ স্ক'ৰ থিয় কৰিছিল। 

দেওবাৰৰ খেলখনত প্রথমে বেট ধৰা বেংগালুৰুৰ ইনিংছত বিৰাট কোহলী (৩৭ বলত ৫৮), দেবদত্ত পাড়িকাল (২৫টা বলত ৪৫) আৰু টিম ডেভিছে (১২টা বলত ২৮) আন উল্লেখনীয় বৰঙনি যোগায়। জেকব বেথেল (১১) আগতীয়াকৈ আউট হ'লেও চাৰিটা চাৰি আৰু তিনিটা ছয়েৰে ৩৭ বলত ৫৮ ৰান কৰা কোহলীয়ে দ্বিতীয় উইকেটত পাড়িকালৰে মিলি ৭৬ ৰানৰ যুটি বান্ধি TRA বেংগালুৰুৰ বাবে শক্তিশালী স্ক'ৰৰ ভেটি গড়ে। কোহলীয়ে ইয়াৰ পাছত আয়াৰৰ সৈতে তৃতীয় উইকেটত সংযোজন ঘটোৱা ৬০ বানেবে বেংগালুৰুৱে প্রতিযোগিতাখনত বেটিং বিক্রম অব্যাহত ৰাখে। কোহলীৰ বিদায়ৰ পাছত আক্রমণাত্মক ৰূপ লোৱা বাওঁহতীয়া আয়াৰৰ ৮টা চাৰি আৰু চাৰিটা ছয় সম্বলিত ৭৩ ৰানেৰে বেংগালুৰুৱে ২০০ ৰানৰ সীমা পাৰ কৰিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে ৰজত পাটিদাৰৰ অনুপস্থিতিত বেংগালুৰুক নেতৃত্ব দিয়ে জিতেশ শর্মাই।

Share This