৩৫ হাজাৰ কিল'মিটাৰলৈকে বিশ্বৰ যিকোনো লক্ষ্যত আঘাত হানিব পাৰিব, আন্তঃমহাদেশীয় পাৰমাণৱিক ক্ষেপণাস্ত্ৰৰ সফল পৰীক্ষা ৰাছিয়াৰ

dainik janambhumi May 14, 2026

ডিজিটেল ডেস্ক: ৰাছিয়াৰ পাৰমাণৱিক শক্তিক আধুনিকীকৰণৰ বাবে কৰা প্ৰচেষ্টাৰ অংশ হিচাপে দেশখনে মঙলবাৰে এটা নতুন আন্তঃমহাদেশীয় বেলিষ্টিক ক্ষেপণাস্ত্র-'চাটান-II'ৰ সফল পৰীক্ষা কৰে। ইউক্রেইনৰ সৈতে অতি সোনকালে যুদ্ধৰ অন্ত পৰিব বুলি ঘোষণা কৰাৰ কেইদিনমান পাছত ৰুছ ৰাষ্ট্ৰপতি পুটিনে এই শক্তিশালী পাৰমাণৱিক ক্ষেপণাস্ত্ৰৰ সফল পৰীক্ষণক অভিনন্দন জনায়। 

ৰাষ্ট্ৰপতি পুটিনে কয় যে এই পাৰমাণৱিক অস্ত্রসম্বলিত ক্ষেপণাস্ত্ৰটো চলিত বৰ্ষৰ শেষৰ ফালে যুদ্ধত ব্যৱহাৰ কৰা হ'ব। এই নতুন পাৰমাণৱিক ক্ষেপণাস্ত্ৰটোৱে পূৰ্বৰ ছোভিয়েট-নির্মিত ভয়েভোডাক স্থানান্তৰ কৰিব। ৰাষ্ট্ৰপতি পুটিনে ঘোষণা কৰে যে এই পাৰমাণৱিক ক্ষেপণাস্ত্ৰটো বিশ্বৰ সবাতোকৈ শক্তিশালী হ'ব। এই পাৰমাণৱিক ক্ষেপণাস্ত্ৰই ৩৫ হাজাৰ কিল'মিটাৰ পৰ্যন্ত বিশ্বৰ যিকোনো লক্ষ্যত আঘাত হানিবলৈ সক্ষম হ'ব।

উল্লেখযোগ্য যে পশ্চিমীয়া দেশবোৰে এতিয়ালৈকে মুকলি কৰা ক্ষেপণাস্ত্ৰবোৰৰ লক্ষ্যভেদৰ ক্ষমতাতকৈ ৰাছিয়াৰ এই নতুন পাৰমাণৱিক ক্ষেপণাস্ত্ৰৰ চাৰিগুণ অধিক ক্ষমতা আছে। প্রণিধানযোগ্য যে ইউক্রেইনৰ পক্ষত পশ্চিমীয়া দেশবোৰৰ সমৰ্থন বৃদ্ধি হোৱাৰে পৰা ৰুছ শীর্ষ নেতাজনে পাৰমাণৱিক শক্তি বৃদ্ধিত অধিক গুৰুত্ব দি আহিছে। 

আনহাতে, ৰাছিয়াৰ এই শেহতীয়া অস্ত্ৰ বৃদ্ধিৰ পদক্ষেপে বিশেষকৈ আমেৰিকালৈ প্ৰত্যাহ্বান আনিছে। মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পে ৰাছিয়াৰ এই প্রত্যাহ্বানক কেনেদৰে লয় সেয়া সময়েহে ক'ব।

Share This